ডিজিটেল ডেস্ক, দুধনৈ, ১৯ এপ্ৰিল : দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত সাৰাপাৰাত যোৱানিশা এক ভয়ংকৰ ছুৰিকাঘাতৰ ঘটনা সংঘটিত হয়। সাৰাপাৰা বড়ীপাৰা অঞ্চলত সংঘটিত এই আক্ৰমণৰ ঘটনাত ছানিদুল আলী নামৰ এজন যুৱক গুৰুতৰভাৱে আহত হৈছে।
প্ৰাপ্ত তথ্য মতে, একেখন গাঁৱৰে মিজাবুল আলী নামৰ এজন যুৱকে কোনো পুৰণি সংঘাতৰ বাবেই ছানিদুল আলীক ছুৰিৰে উপৰ্যুপৰি আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আক্ৰমণৰ ফলত ছানিদুল আলীয়ে তল পেটত গভীৰ আঘাত পায়। স্থানীয় ৰাইজে তেওঁক ততাতৈয়াকৈ উদ্ধাৰ কৰি সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰায়।
ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত মাটিয়া আৰক্ষীৰ এটা দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। অভিযুক্ত মিজাবুল আলী বৰ্তমান পলাতক বুলি জানিব পৰা গৈছে। সম্প্ৰতি মাটিয়া আৰক্ষীয়ে মৰনৈ আৰু দুধনৈ আৰক্ষীক লগত লৈ যুটীয়াভাৱে অভিযুক্তক কৰায়ত্ত কৰিবলৈ অভিযান তীব্ৰতৰ কৰি তুলিছে। এই ঘটনাৰ ফলত অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।