নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাথাৰকান্দিত ৪০ লক্ষ টকাৰ নিষিদ্ধ য়াবা টেবলেটসহ গ্ৰেপ্তাৰ এক

ডিজিটেল ডেস্ক, ১৯ এপ্ৰিল : পাথাৰকান্দিত আৰক্ষীয়ে চেংজুৰ অঞ্চলত অভিযান চলাই প্ৰায় ৪০ লক্ষ টকাৰ নিষিদ্ধ য়াবা টেবলেট জব্দ কৰিবলৈ সক্ষম হৈছে। এই নিষিদ্ধ য়াবা টেবলেট সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে জামাল উদ্দিন নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীৰ তথ্য অনুসৰি, ধৃত জামাল উদ্দিন পাথাৰকান্দি থানাৰ অন্তৰ্গত হাতিৰগুল গাঁৱৰ বাসিন্দা। আৰক্ষীয়ে তেওঁৰ পৰা মুঠ ৭,৮০০টা নিষিদ্ধ য়াবা টেবলেট জব্দ কৰিবলৈ সক্ষম হয়। লগতে মাদক দ্ৰব্য সৰবৰাহৰ কামত ব্যৱহৃত এ এছ-১০ ডি–৬১০৩ নম্বৰৰ এখন পালছাৰ বাইকো আৰক্ষীয়ে জব্দ কৰিছে।

আৰক্ষীয়ে জনোৱা মতে, উদ্ধাৰ হোৱা য়াবা টেবলেটখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য আনুমানিক ৪০ লক্ষ টকা হ’ব। ঘটনাক কেন্দ্ৰ কৰি আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে।

You might also like