নগাঁও জিলাৰ কলিয়াবৰ থানা এলেকাধীন কলিয়াবৰ চাহ বাগিচাত নিশা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। জীৱিত থকা তিনি দিনীয়া এটি শিশুক বাগিচাৰ চিকিৎসালয়ত কৰ্মৰত ফাৰ্মাচিষ্টে মৃত ঘোষণা কৰাৰ অভিযোগক কেন্দ্ৰ কৰি এই উত্তেজনাৰ সৃষ্টি হয়।
জানিব পৰা মতে, জখলাবন্ধা চিকিৎসালয়ত তিনি দিন পূৰ্বে জন্ম হোৱা এজনী প্ৰসূতি মাতৃক শিশু সহ ঘৰলৈ অনা হৈছিল। কিন্তু সন্ধিয়া সময়ত শিশুটি অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে তৎক্ষণাত বাগিচাৰ চিকিৎসালয়লৈ লৈ যায়।
অভিযোগ অনুসৰি, বাগিচাৰ চিকিৎসালয়ত কৰ্মৰত ফাৰ্মাচিষ্ট নুৰ আলীয়ে পৰীক্ষা কৰি শিশুটিক মৃত বুলি ঘোষণা কৰে। পিছত পৰিয়ালৰ লোকে মৃত বুলি ধৰি শিশুটিক ঘৰলৈ নি সতকাৰৰ ব্যৱস্থা কৰিবলৈ লোৱাৰ সময়তে শিশুটি জীৱিত থকা লক্ষ্য কৰে।
ইয়াৰ পিছতে শিশুটিক লগে লগে পুনৰ জখলাবন্ধা চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তাত প্ৰাথমিক চিকিৎসাৰ পাছত উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা হয় বুলি জানিব পৰা গৈছে।
এই ঘটনাৰ পাছতেই ক্ষুব্ধ বাগিচা শ্ৰমিক আৰু স্থানীয় ৰাইজে বাগিচাখনৰ মেনেজাৰৰ বাংলো ঘেৰাও কৰি ফাৰ্মাচিষ্ট নুৰ আলিক বাগিচাৰ পৰা অপসাৰণ কৰাৰ দাবী তোলে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়।
ইফালে, ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।
ডিজিটেল ডেস্ক, ২০ এপ্ৰিল