আইপিএলত ১৫০ কোটি টকা পর্যন্ত উপার্জন কৰিব ক্রিকেটাৰে, ললিত মোদীৰ ভৱিষ্যদ্বাণী
ডিজিটেল ডেস্ক, ২০ এপ্রিল : ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ প্রাক্তন মুৰব্বী ললিত মোদীয়ে ভাৰতীয় ক্রিকেটৰ সর্ববৃহৎ প্রতিযোগিতা আইপিএলক লৈ গুৰুত্বপূর্ণ মন্তব্য কৰিছে৷ ললিত মোদীৰ মতে ২০৩০ চনৰ ভিতৰত আইপিএলে নতুন উচ্চতাত উপনীত হ’ব৷ আইপিএলৰ পৰা ক্রিকেটাৰসকলে ১০০ কোটি টকাপর্যন্ত উপার্জন কৰিবলৈ সক্ষম হ’ব৷
চলিত বর্ষৰ আইপিএলৰ আটাইতকৈ কম বয়সীয়া খেলুৱৈ বৈভৱ সূর্যবংশীক লৈও আশাবাদী বিচিচিআইৰ প্রাক্তন মুৰব্বীগৰাকী৷ এক সাক্ষাৎকাৰত তেওঁ কয়– ১৫ বছৰীয়া বৈভৱ ভৱিষ্যতে ভাৰতীয় ক্রিকেটৰ চিনাকি মুখ হ’ব৷ ১৪–১৫ বছৰীয়া ল’ৰা এটাৰ আত্মবিশ্বাস আৰু তেওঁৰ বেটিং শৈলী দেখি সপোন দেখাৰ দৰে লাগে বুলি কয় মোদীয়ে৷ ২০২৫ চনত তেওঁক দেখাৰ কথা মনত নাই বুলি উল্লেখ কৰি ললিত মোদীয়ে ইমান কম বয়সতে এনেকৈ খেলাটো অসম্ভৱ বুলি কয়৷ তেওঁ লগতে ভাৰতত বৈভৱৰ দৰে আৰু বহু প্রতিভা আছে বুলি উল্লেখ কৰি আইপিএলৰ বাবে দেশত এনে পৰিৱর্তন আহিছে বুলি কয়৷
২০৩০ চনৰ ভিতৰত কোনো এটা দলে সর্বাধিক ১২৫ কোটি টকাপর্যন্ত ব্যয় কৰি কোনো এগৰাকী ক্রিকেটাৰক চুক্তিবদ্ধ কৰিব পাৰিব বুলি উল্লেখ কৰি মোদীয়ে কয় যে শীর্ষ পর্যায়ৰ এগৰাকী ক্রিকেটাৰে প্রতিখন খেলৰ পৰা অতিকমেও ৮.৫ কোটি টকা উপার্জন কৰিবলৈ সক্ষম হ’ব৷ দলৰ আটাইতকৈ দামী ক্রিকেটাৰে বছৰি ১৩০ৰ পৰা ১৫০ কোটি টকাপর্যন্ত লাভ কৰিবলৈ সক্ষম হ’ব৷ বিভিন্ন দেশৰ ব্যক্তিগত কোম্পানীয়ে আইপিএলৰ প্রতি আকর্ষিত হোৱা বুলি উল্লেখ কৰি মোদীয়ে বিশ্বাস কৰে যে অদূৰ ভৱিষ্যতে আইপিএল বিশ্বৰ আটাইতকৈ ব্যয়বহুল প্রতিযোগিতাত পৰিণত হ’ব৷ তেওঁ প্রতিযোগিতাখনত খেলুৱৈ আৰু ব্যৱসায়িক সফলতাক লৈ উৎফুল্লিত হৈ পৰিছে৷