আজি ২১ এপ্রিল, ব’হাগ মাহৰ ৭ তাৰিখ
মঙলবাৰ : তিথি–শুক্লা চতুর্থী, নক্ষত্র : ভৰণী, যাত্রা : মধ্যম
মেষ : আজি ঘৰুৱা সমস্যাৰ ওপৰত নজৰ দিয়ক৷ কর্মস্থানত মধ্যম৷ ব্যৱসায়ত বাধা৷ যান–বাহনৰ পৰা সতর্ক থাকিব৷ প্রেমত সন্দেহ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ২৷
বৃষ : আজি শৰীৰৰ প্রতি যত্ন লওক৷ ব্যৱসায়–বাণিজ্যত উন্নতি বৃদ্ধিৰ যোগ৷ মাটি–সম্পত্তিক লৈ বিবাদ হ’ব পাৰে৷ প্রেমত সাৱধান৷ শুভ ৰং কমলা, শুভ সংখ্যা ১৷
মিথুন : আজি কর্মদক্ষতাৰ ওপৰত মান–সন্মান বৃদ্ধি৷ গোপন শত্রু বৃদ্ধি পাব৷ টকা–পইচাৰ লেনদেন নিজ হাতেৰে কৰিব৷ প্রেমত মধ্যম৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৫৷
কর্কট : আজি কর্মক্ষেত্রত ব্যস্ততা বৃদ্ধি পাব৷ প্রাপ্য ধন প্রাপ্তিৰ যোগ৷ শত্রু নাশ হ’ব৷ ব্যৱসায়ত সফলতা লাভ কৰিব৷ বিদ্যাত শুভ৷ শুভ ৰং সোণালী, শুভ সংখ্যা ৪৷
সিংহ : আজি তীর্থ ভ্রমণৰ যোগ৷ ৰাজনীতি, সমাজকর্মী আদিৰ সন্মান বৃদ্ধিৰ যোগ৷ চলা–ফুৰাত সাৱধান৷ প্রেমত বাধা৷ বিদ্যাত শুভ৷ শুভ ৰং ছিলভাৰ, শুভ সংখ্যা ৭৷
কন্যা : আজি কোনো শুভ সংবাদ পাব পাৰে৷ ভ্রমণত শুভ৷ শত্রুৰ পৰা সাৱধান৷ ঘৰত আলহীৰ আগমনত মন আনন্দিত৷ শৰীৰ অশুভ৷ প্রেমত কষ্ট৷ শুভ ৰং নীলা, শুভ সংখ্যা ৩৷
তুলা : আজি কর্মত উন্নতিৰ যোগ৷ হঠাৎ শৰীৰ কিছু অসুস্থ হ’ব পাৰে৷ ভ্রমণ নকৰাই ভাল হ’ব৷ বিদ্যাত নতুন সুযোগ–সুবিধা লাভ৷ শুভ ৰং মেৰুণ, শুভ সংখ্যা ৪৷
বৃশ্চিক : আজি মাটি–সম্পত্তি ক্রয় কৰিব পাৰিব৷ কর্মক্ষেত্রত সহকর্মীৰ পৰা সতর্ক থাকক৷ ব্যৱসায়ত মধ্যম ফল৷ বিদ্যাত বাধা৷ প্রেমত শুভ৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৯৷
ধনু : আজি কর্মস্থানত ধৈর্যৰ প্রয়োজন৷ যান–বাহনৰ পৰা সাৱধান৷ পাৰিবাৰিক দিশত মনোমালিন্য৷ ব্যৱসায়ত খৰচৰ মাত্রা বৃদ্ধি পাব৷ প্রেমত বাধা৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৬৷
মকৰ : আজি কর্মস্থানত উন্নতিৰ যোগ৷ ভ্রমণত সাৱধান৷ ঘৰুৱা কামত ব্যস্ততা বৃদ্ধি পাব৷ কোনো ব্যক্তিৰ সান্নিধ্য লাভ কৰিব পাৰিব৷ শুভ ৰংবগা শুভ সংখ্যা ৩৷
কুম্ভ : আজি কিছু জটিল সমস্যা সমাধান হ’ব৷ ধর্মস্থান ভ্রমণত আনন্দিত হ’ব৷ চিন্তাশীল আৰু জনহিতকৰ কামত সুফল৷ বিদ্যার্থীসকলে ভবা মতে ফল নাপাব৷ শুভ ৰং ক’লা, শুভ সংখ্যা ৮৷
মীন : আজি বন্ধুবর্গৰ পৰা সহায় পাব৷ শত্রু কমিব৷ দাম্পত্যত মধ্যম৷ কর্মত স্থান পৰিৱর্তনৰ যোগ৷ শুভ কাম আৰম্ভ কৰিব পাৰিব৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ৫৷