নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিচিচিআইয়ে একে সময়তে গঠন কৰিব দুটা টি–২০ দল

নিয়মীয়াকৈ আইপিএলৰ পৰা ওলাই অহা যুৱ প্রতিভাৰ সোঁতত এতিয়া ভাৰতীয় ক্রিকেটক নতুনকৈ চিন্তা কৰিবলৈ বাধ্য কৰাইছে৷ আন্তঃৰাষ্ট্রীয় সূচী আৰু একাধিক শৃংখলাৰ প্রতি লক্ষ্য ৰাখি ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে দুটা সমান্তৰাল টি–২০ দল গঠনৰ পৰিকল্পনাৰে আগবাঢ়িছে৷

ব’ৰ্ডৰ সূত্র অনুসৰি ভৱিষ্যতে একেলগে একাধিক আন্তঃৰাষ্ট্রীয় মেচ বা শৃংখলা অনুষ্ঠিত হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ ৱেষ্ট ইণ্ডিজৰে শৃংখলা আৰু এছিয়ান গেমছ একেলগে অনুষ্ঠিত হোৱাৰ প্রতি লক্ষ্য ৰাখি এতিয়াৰ পৰা ৩০–৩৫জন ক্রিকেটাৰৰ ওপৰত গুৰুত্ব দিয়া হৈছে৷

ব’ৰ্ডৰ এজন বিষয়াই কয় যে যিহেতু এছিয়ান গেমছ আৰু ৱেষ্ট ইণ্ডিজ ছিৰিজ একে সময়তে হৈ আছে, গতিকে আমি দুটা পৃথক টি–২০ দল সাজু কৰিব লাগিব৷ গতিকে এতিয়াৰ পৰা আন্তঃৰাষ্ট্রীয় পর্যায়ৰ বাবে ৩০–৩৫জন ক্রিকেটাৰক প্রস্তুত কৰাটো গুৰুত্বপূর্ণ৷

প্রথমটো ডাঙৰ পৰীক্ষা হ’ব আগন্তুক আয়াৰলেণ্ড ভ্রমণ৷ এই ভ্রমণত নতুন খেলুৱৈক সুযোগ দিয়াৰ বিপৰীতে এইবাৰ বৃহৎ দলৰ সৈতে কেইবাজনো বিকল্প ক্রিকেটাৰক লৈ খেলাৰ পৰিকল্পনা কৰা হৈছে যিটো ভৱিষ্যতৰ বৃহৎ প্রতিযোগিতাসমূহৰ প্রস্তুতিৰ অংশ হিচাপে দেখা গৈছে৷

ইয়াৰ উপৰি ছেপ্টেম্বৰত আফগানিস্তানৰ বিৰুদ্ধে তিনিখন টি–২০ মেচৰ শৃংখলা অনুষ্ঠিত হ’ব যদিও সম্পূর্ণ সূচী এতিয়াও চূড়ান্ত হোৱা নাই৷ ব্যস্ত আন্তঃৰাষ্ট্রীয় কেলেণ্ডাৰত নতুন খেলুৱৈক সাজু কৰি ৰাখিব বিচাৰিছে ব’র্ডে৷

মুঠতে বিচিচিআইৰ লক্ষ্য এতিয়া স্পষ্ট হৈ পৰিছে৷ শীর্ষ ১৫ নহয়, ৩৫জনীয়া শক্তিশালী দল যিয়ে প্রয়োজন সাপেক্ষে দেশৰ হৈ দুখন আন্তঃৰাষ্ট্রীয় মেচত সমান দক্ষতাৰে খেলিব পাৰে৷ সেই লক্ষ্যত উপনীত হোৱাৰ বাবে আইপিএলৰ উত্থান এক ডাঙৰ চালিকাশক্তি হৈ পৰিছে৷

ডিজিটেল ডেস্ক, ২১ এপ্রিল

You might also like