বর্ষণমুখৰ পৰিৱেশৰ মাজেৰেই সামৰণি পৰিল সাত বিহুৰ৷ মুষলধাৰ বৰষুণে গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্রান্তত ভয়ানক পৰিস্থিতিৰ সৃষ্টি কৰাৰ বাবে বিহুৰ আয়োজনত কিছু ব্যাঘাত জন্মে যদিও অসমীয়াৰ হেঁপাহৰ সাত বিহুৰ অন্তিম দিনটোক ৰাজ্যজুৰি চেৰা বিহু উদ্যাপনেৰে ৰাজ্যবাসীয়ে সামৰিলে বিভিন্ন প্রান্তত ৰাইজে ধর্মীয় ৰীতি–নীতিৰে বিদায় জনায়৷
অসমীয়াৰ বাপতিসাহোন ব’হাগ বিহুৰ অন্যতম সাত বিহুৰ সপ্তম দিনাৰ চেৰা বিহু উদ্যাপনেৰে মূলতঃ এটা বছৰৰ বাবে ৰঙালীৰ উন্মাদনাক সামৰে অসমবাসীয়ে৷ ‘চেৰা শব্দটোৰ অর্থ হ’ল অৱসান বা সমাপ্তি৷ সেই হিচাপতে সাত বিহুৰ দিনটোতে ৰঙালীৰ আনন্দ–উল্লাস আনুষ্ঠানিকভাৱে অন্ত পৰে৷
বিহুৰ আৰম্ভণিৰে পৰা মতলীয়া হোৱা ডেকা–গাভৰুৱে সামৰে ৰঙালীৰ ৰং৷ এই দিনটোত বিহুৱানসমূহ ধুই পৰিস্কাৰ কৰি বিহুক সন্মানসহ এটা বছৰলৈ বিদায় জনায় অসমীয়াই৷ যদিওবা ব’হাগ মাহজুৰি ৰঙালী বিহুৰ উছাহ–উদ্দীপনা অব্যাহত থাকে তথাপিও পৰম্পৰাগত অনুসৰি চেৰা বিহুৰ পাছতেই আনুষ্ঠানিকভাৱে সাত বিহুৰ অৱসান ঘটিল৷
চৰিত পুথি অনুসৰি, সাত বিহুৰ দিনা মহাপুৰুষ শ্রীমন্ত মাধৱদেৱে বদলা আতাক ধর্মাধিকাৰ পাতি তাল, মালা আগবঢ়াই উজনিলৈ ধর্ম প্রচাৰ কৰিবলৈ যোৱাৰ আদেশ দিছিল৷ গুৰুজনাৰ আদেশ শিৰোধার্য কৰি বদলা আতাই উজনিলৈ যাত্রা কৰিছিল৷ অৱশ্যে ধর্মীয় পৰম্পৰাৰ মাজতে মুকলি পথাৰত ঢোলত চাপৰ মাৰি ডেকা বিহুৱাই ৰঙালী বিহুৰ সামৰণি মাৰে৷
আজিৰ পৰা চিৰাচৰিত নিয়ম অনুসৰি, কৃষিকার্য অথবা নিজৰ কামত সকলোৱে জড়িত হ’ব৷ বিহুটি পুনৰ ৰাঙলী হৈ অহাৰ মনোভাবেৰে ৰাইজে সকলো নীতি–নিয়মৰ মাজেৰে এইবাৰলৈ ব’হাগীক বিদায় দিলে৷ আনুষ্ঠানিকভাৱে বিহুৰ সামৰণি হ’লেও ৰাজ্যজুৰি গোটেই ব’হাগ মাহজুৰি চলিব বিহুৰ বিভিন্ন অনুষ্ঠান৷
ডিজিটেল ডেস্ক, ২১ এপ্ৰিল