নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৃহত্তৰ ধপলিয়া জ্যোতিকুছি ৰঙালী বিহুৰ স্মৃতিগ্রন্থ উন্মোচন নৰেশ কলিতাৰ

জ্যোতিকুছি ধপলীয়াৰ ১নং কার্বি পথত অৱস্থিত উদ্দীপ্ত সংঘ প্রাংগণত ২৮সংখ্যক বৃহত্তৰ ধপলীয়া জ্যোতিকুছি ৰঙালী বিহু সন্মিলনৰ প্রথম দিনাৰ কার্যসূচী দিনৰ ১২ বজাত পতাকা উত্তোলনেৰে আৰম্ভ হয়৷

পতাকা উত্তোলন কৰে ৰঙালী বিহু সন্মিলনৰ সভাপতি মনুৰাম তুমুঙে৷ দ্বিতীয় কার্যসূচীত শ্বহীদ তর্পণৰ লগতে ‘ভাৰতৰত্ন’ ড০ ভূপেন হাজৰিকাৰ শতবর্ষ জন্মজয়ন্তী উপলক্ষে প্রতিচ্ছবিত মাল্যার্পণৰ লগতে ১০ পৃষ্ঠাত অসমৰ হিয়াৰ আমঠু জুবিন গার্গৰ প্রতিচ্ছবিত মাল্যার্পণ কৰে ৰঙালী বিহু সন্মিলনীৰ কার্যকৰী সভাপতি অতুল ফুকনে৷

তৃতীয় কার্যসূচীত স্মৃতিগ্রন্থ ‘মাধুৰী’ উন্মোচন কৰে ‘নিয়মীয়া বার্তা’ৰ সম্পাদক নৰেশ কলিতাই৷ স্মৃতিগ্রন্থখন উন্মোচন কৰি তেওঁ কয় যে অসমীয়া লোকসকল আৱেগপ্রৱণ৷ ভাষা–সাহিত্যৰ প্রতি অসমীয়া লোকসকলৰ দায়বদ্ধতাৰ বাবেই অসমীয়া ভাষা বিশ্বৰ অন্যতম চহকী ভাষাত পৰিণত হৈছে৷

জাতীয় উৎসৱৰ সৈতে সংগতি ৰাখি প্রকাশ কৰা স্মৰণিকাখনেও ভাষা–সংস্কৃতিৰ প্রতি দায়বদ্ধতাকে সূচায়৷ তেওঁ কয়, আমাৰ ৰাজহুৱা অনুষ্ঠান যেনে হীৰক জয়ন্তী, সোণালী জয়ন্তী, ৰূপালী জয়ন্তী আদি অনুষ্ঠানত প্রকাশ কৰা স্মৰণিকাসমূহে ভাষা–সাহিত্যৰ ভঁৰাললৈ অনবদ্য বৰঙণি আগবঢ়াইছে৷

স্মৃতিগ্রন্থ উন্মোচনী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ‘নিউজ লাইভ’ৰ জ্যেষ্ঠ কার্যবাহী সম্পাদিকা ছায়ামণি ভূঞাৰ লগতে ‘দ্য আছাম ৰাইজিং নিউজ টিভি নাইন গ্রুপ’ৰ উত্তৰ–পূূর্বাঞ্চলৰ সংবাদদাতা দিগজ্যোতি লহকৰ৷

স্মৃতিগ্রন্থ উন্মোচনী সভাৰ আঁত ধৰে ৰঙালী বিহু সন্মিলনীৰ সাধাৰণ সম্পাদক মুনীন্দ্র ডেকা (মুন) আৰু স্মৃতিগ্রন্থ সম্পাদনা সমিতিৰ সম্পাদক গিৰিধৰ ৰহাঙে৷ বর্ণিল সাংস্কৃতিক অনুষ্ঠান মুকলি কৰে অসমৰ বিশিষ্ট অভিনেত্রী নিশিতা গোস্বামীয়ে৷

দুদিনীয়া কার্যসূচীৰে আয়োজন কৰা বর্ণিল সাংস্কৃতিক অনুষ্ঠানৰ আমন্ত্রিত শিল্পীসকল হৈছে– চয়নিকা ভূঞা আৰু কমলিকা কাশ্যপ৷ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ লগতে মৌ–কুঁৱৰী, একক লোকনৃত্য প্রতিযোগিতা আৰু দলীয় লোকনৃত্য প্রতিযোগিতাৰ আৰু বিভিন্ন খেল–ধেমালি প্রতিযোগিতাৰো আয়োজন কৰিছে৷

ডিজিটেল ডেস্ক, ২০ এপ্রিল

You might also like