নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

 OGEL – NRL-ৰ মাজত বুজাবুজি চুক্তি সম্পন্ন

অইল ইণ্ডিয়া লিমিটেডৰ এক সম্পূর্ণ মালিকানাধীন সহায়ক প্রতিষ্ঠান অইল গ্ৰীন এনার্জি লিমিটেড (অ’ জি ই এল)- য়ে নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ সৈতে পুননৱীকৰণযোগ্য শক্তিৰ বিকাশ, ক্ৰয় আৰু যোগানৰ ক্ষেত্ৰত সহযোগিতা স্থাপনৰ উদ্দেশ্যে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে।

উক্ত চুক্তিত গ্রুপ কেপ্টিভ প্রয়োজনীয়তাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। উক্ত বুজাবুজিৰ চুক্তিখনত স্বাক্ষৰ প্ৰদান কৰে অ’ জি ই এলৰ মহা প্ৰবন্ধক ৰাজীৱ কুমাৰ তামুলী আৰু এন আৰ এলৰ মহা প্ৰবন্ধক (প্রযুক্তি সেৱা) ৰূপম কুমাৰ শৰ্মাই।

উপস্থিত থাকে অইলৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক, এন আৰ এলৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক, অইল আৰু এন আৰ এলৰ অন্যান্য সঞ্চালক, অ’ জি ই এলৰ মুখ্য কাৰ্যবাহী সঞ্চালকৰ লগতে দুয়োটা প্রতিষ্ঠানৰ জ্যেষ্ঠ বিষয়াসকল।

এই পদক্ষেপে দলীয় প্রতিষ্ঠানসমূহৰ কেপ্টিভ শক্তিৰ প্রয়োজনীয়তা পূৰণ কৰাৰ উপৰি নৱীকৰণযোগ্য শক্তিক কার্যকলাপসমূহত সংযোজন কৰাৰ দিশত অইল আৰু অ’ জি ই এলৰ কৌশলগত প্রতিশ্রুতিত এক উল্লেখযোগ্য মাইলষ্ট’ন হিচাপে চিহ্নিত হৈছে।

এই সহযোগিতাই অ’ জি ই এল-ৰ পুৰ্ননবীকৰণযুক্ত শক্তিৰ পৰ্টফ’ লিঅ’ত বৈচিত্র্যতা অনাৰ লগতে ইয়াৰ বিস্তাৰ সাধন কৰিব। ইয়াৰোপৰি ২০৪০ চনৰ ভিতৰত অইল ইণ্ডিয়া লিমিটেডৰ নেট জিৰ’ লক্ষ্য প্রাপ্তিত আৰু ২০৭০ চনৰ ভিতৰত ভাৰত চৰকাৰৰ নেট জিৰ’ নির্গমন লাভ কৰাৰ লক্ষ্যত উপনীত হোৱাত অৱদান আগবঢ়াব বুলি অইলে সদৰী কৰে।

নিয়মীয়া বাৰ্তা, দুলীয়াজান, ২১ এপ্ৰিল

You might also like