নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৈভৱৰ শতক সত্ত্বেও হায়দৰাবাদৰ হাতত ৫ উইকেটত পৰাস্ত ৰাজস্থান

ডিজিটেল ডেস্ক, ২৬ এপ্রিল : বৈভৱ সূর্যবংশীৰ শতক সত্ত্বেও পৰাস্ত হ’ল ৰাজস্থান ৰয়েলছ৷ চলিত আইপিএলৰ শনিবাৰে জয়পুৰত অনুষ্ঠিত ৰোমাঞ্চকৰ মেচখনত ৰাজস্থানে ছানৰাইজার্ছ হায়দৰাবাদৰ হাতত ৫ উইকেটত পৰাস্ত হয়৷

মেচখনত ৰাজস্থানে জয়ৰ বাবে বান্ধি দিয়া ২২৯ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অভিষেক শর্মাৰ ২৯ বলত ৫৭, ঈশান কিশনৰ ৩১ বলত ৭৪ আৰু নীতিশ কুমাৰ ৰেড্ডীৰ ১৮ বলত ৩৬ ৰানৰ সহায়ত ছানৰাইজার্ছে ১৮.৩ অভাৰত ৫টা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷ ক্লাছেনে ২৪ বলত ২৯ ৰান কৰে৷ অ’পেনাৰ ট্রেভিছ হেডে মাত্র ৬ ৰানহে কৰে৷

উল্লেখ্য যে ৰাজস্থানৰ এয়া আছিল তৃতীয় পৰাজয়৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰি প্রাৰম্ভিক বিপর্যয় সত্ত্বেও বৈভৱ সূর্যবংশীৰ বিস্ফোৰক শতক আৰু ধ্রুৱ জুৰেলৰ অর্ধশতকৰ সহায়ত ৰাজস্থান ৰয়েলছে নির্ধাৰিত ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ২২৮ ৰান সংগ্রহ কৰে৷ দলীয় স্ক’ৰ ৪০ ৰানত জয়ছোৱালৰ (১০) ৰূপত প্রথমটো উইকেট হেৰুৱায় ৰাজস্থানে৷ অৱশ্যে বৈভৱ আৰু জুৰেলে দ্বিতীয় উইকেটত ১১২ ৰান সংগ্রহ কৰি দলৰ বিপর্যয় ৰোধ কৰে৷ বৈভৱে ৩৭টা বলত ৫টা চাৰি আৰু ১২টা ছয়েৰে ১০৩ ৰান কৰে৷

উল্লেখ্য যে আইপিএলত বৈভৱৰ এয়া আছিল দ্বিতীয়টো শতক৷ ইপিনে, জুৰেলে ৩৫ বলত ৫১ ৰান, অধিনায়ক ৰিয়ান পৰাগে মাত্র ৭ ৰান আৰু ড’ন’ভান ফেৰেইৰাই ১৬ বলত ৩৩ ৰানৰ অৱদান আগবঢ়ায়৷ ছানৰাইজার্ছৰ হৈ ঈশান মালিংগাই সর্বাধিক দুটা উইকেট লাভ কৰে৷

You might also like