মাজসাগৰত এন্দুৰে বিয়পাইছে মাৰাত্মক হাণ্টা ভাইৰাছ, জাহাজতে তিনি যাত্রীৰ মৃত্যু
ডিজিটেল ডেস্ক, ৫ মে’ : মাজসাগৰত আতংক৷ জাহাজত এন্দুৰৰ পৰা বিয়পি পৰিল মাৰাত্মক হাণ্টা ভাইৰাছ৷ ভয়ংকৰ এই ভাইৰাছত আক্রান্ত হৈ মৃত্যু হৈছে ৩জনৰ৷ লগতে অসুস্থ হৈ পৰিছে আন কেইবাজনো লোক৷ বিশ্ব স্বাস্থ্য সংস্থাৰ দক্ষিণ আফ্রিকা বিভাগৰ তৰফৰ পৰা দেওবাৰে এই তথ্য প্রকাশ কৰা হৈছে৷
ভয়ংকৰ এই ঘটনা ঘটিছে আটলাণ্টিক মহাসাগৰত৷ জাহাজত আছিল প্রায় ২০০জন যাত্রী৷ বর্তমান জাহাজখনে আফ্রিকাৰ দেশ কেপ ভার্ডেত লংগৰ পেলালেও সংক্রমণ বিয়পোৱাৰ আশংকাত যাত্রীসকলক তাৰ পৰা নমাৰ অনুমতি দিয়া হোৱা নাই৷ জানিব পৰা মতে, নেদাৰলেণ্ডৰ পতাকাধাৰী বিলাসবহুল এই ক্রুজখন ২০ মার্চত আর্জেণ্টিনাৰ পৰা ৰাওনা হৈছিল৷ ইয়াৰ পিছত আটলাণ্টিক পাৰ হৈ ইউৰোপৰ দিশে আগুৱাইছিল৷ পর্যটনৰ উদ্দেশ্যে ৰাওনা হোৱা এই ক্রুজখনৰ গন্তব্যস্থল আছিল স্পেইনৰ ওচৰৰ এটা দ্বীপ৷
এই দ্বীপটো আটলাণ্টিক মহাসাগৰৰ আফ্রিকাৰ এটা জনপ্রিয় পর্যটন কেন্দ্র৷ জাহাজখনত আছিল ১৭০জন যাত্রী আৰু ৭১জন ক্রুৰ সদস্য৷ কিন্তু যাত্রাপথতেই হঠাৎ হাণ্টা ভাইৰাছৰ সংক্রমণ ধৰা পৰে৷ এই ভাইৰাছৰ প্রথম স্বীকাৰ হয় ৭০ বছৰ বয়সীয়া এগৰাকী ব্যক্তি৷ জাহাজতেই তেওঁৰ মৃত্যু হয়৷ পত্নীৰ সৈতে তেওঁ ভ্রমণৰ উদ্দেশ্যে ওলাই গৈছিল৷ তেওঁৰ নশ্বৰদেহ দক্ষিণ আটলাণ্টিকৰ ছেইণ্ট হেলেনাত নমোৱা হয়৷ বৃদ্ধগৰাকীৰ মৃত্যুৰ পিছত তেওঁৰ পত্নী নেদাৰলেণ্ডলৈ উভতি আহে৷ কিন্তু বিমানবন্দৰতে অসুস্থ হৈ পৰে৷ তেওঁক চিকিৎসালয়ক ভর্তি কৰোৱা হয় যদিও তাতেই তেওঁৰ মৃত্যু হয়৷
তাৰ পিছত জাহাজখনৰ আন এগৰাকী যাত্রীৰ মৃত্যু হয়৷ তাকে লৈ আতংক তুংগত উঠে৷ জানিব পৰা মতে, জাহাজখনৰ আৰু ৬জন লোক অসুস্থ হৈ পৰে৷ তেওঁলোকক চিকিৎসালয়ত ভর্তি কৰোৱা হয়, তাৰে এজনৰ মৃত্যু হয়৷ জানিব পৰা মতে, এই মাৰাত্মক ভাইৰাইছৰ বাহক মূলতঃ এন্দুৰ৷ ১৯৯৩ চনত প্রথমবাৰ এই ভাইৰাছৰ তথ্য পোহৰলৈ আহিছিল৷ তাৰ কেইমাহমানৰ ভিতৰতে কমেও ৬০০জন লোকৰ মৃত্যু হয়৷ এন্দূৰৰ মল–মূত্র আৰু লেলাউটিৰ পৰা মানুহৰ দেহলৈ ই সংক্রমিত হয়৷ বিজ্ঞানীসকলে দাবী কৰা মতে, এই ভাইৰাছ ক’ৰোনাতকৈও বিপজ্জনক৷ এই ভাইৰাছত আক্রান্ত হ’লে মৃত্যুৰ হাৰ প্রায় ৩৮ শতাংশ৷