নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫ দিন পূর্বৰ ভৱিষ্যদ্বাণী… আৰু ফলাফলত মিলিল হুবহু

বেষ্ট ১০১, বেটাৰ ৯০ প্লাছ, ৱর্ষ্ট ৮৮ প্লাছ৷ অসম বিধানসভা নির্বাচনৰ ১২৬টা সমষ্টিৰ ফলাফলক লৈ এই ভৱিষ্যদ্বাণী কৰিছিল মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ নির্বাচনৰ ভোটগ্রহণৰ ১৫ দিন পূর্বে কেন্দ্রীয় মন্ত্রী পৱিত্র মার্ঘেৰিটাৰ হাতত বিজেপি মিত্রজোঁটৰ সম্ভাব্য ফলাফল সন্দর্ভত মুখ্যমন্ত্রীগৰাকীয়ে এক টোকা লিখি প্রদান কৰিছিল৷

মুখ্যমন্ত্রীগৰাকীয়ে কৰা ভৱিষ্যদ্বাণী বিজেপি মিত্রজোঁটত আখৰে আখৰে ফলিয়ালে৷ মুখ্যমন্ত্রী ড০ শর্মাৰ ভৱিষ্যদ্বাণী অনুসৰিয়ে বিজেপি মিত্রজোঁটে এশৰো অধিক আসনত অসমত জয়লাভ কৰি নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভেৰে চৰকাৰ গঠনৰ দিশলৈ আগবাঢ়িছে৷

এই সন্দর্ভত যোৰহাটত কেন্দ্রীয় মন্ত্রী পৱিত্র মার্ঘেৰিটাই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই তেওঁৰ হাতত প্রদান কৰা টোকাটো সংবাদ মাধ্যমৰ আগত প্রদর্শন কৰে, য’ত লিখা আছিল বেষ্ট ১০১, বেটাৰ ৯০ প্লাছ, ৱর্ষ্ট ৮৮ প্লাছ৷

কেন্দ্রীয় মন্ত্রী পৱিত্র মার্ঘেৰিটাই নির্বাচনী ফলাফলত আনন্দিত আৰু উৎসাহিত হৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ভৱিষ্যদ্বাণী আৰু দূৰদর্শিতাৰ শলাগ লয় আৰু নির্বাচনত দল তথা এনডিএই নিৰংকুশ জয়লাভ কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰে৷

সংবাদ মাধ্যমৰ আগত কেন্দ্রীয় মন্ত্রীগৰাকীয়ে কয় যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা যথেষ্ট দূৰদৃষ্টিসম্পন্ন লোক৷ নির্বাচনী প্রচাৰ তথা জন আশীর্বাদ যাত্রাৰ সময়তে তেওঁ কৈছিল যে ৰাইজে তেওঁলোকক হিয়া উজাৰি আশীর্বাদ দিছে৷

এই আশীর্বাদ অথলে নাযায়৷ একেবাৰে শিশুটোৰ পৰা ৮০ ঊর্ধ্বৰ লোকে জন আশীর্বাদ যাত্রাৰ সময়ত যিদৰে ওলাই আহিছে, জাতি–ধর্ম–বর্ণ নির্বিশেষে আশীর্বাদ দিবলৈ ওলাই আহিছে৷ সেই সময়তে তেওঁ কৈছিল– অসমবাসীৰ আশীর্বাদ অথলে নাযায়৷ অসমবাসী ৰাইজে এখন দুর্নীতিমুক্ত সমাজ বিচাৰে, এখন হিংসামুক্ত অসম বিচাৰে, সন্ত্রাস, গুলীয়াগুলী নথকা এখন সমাজ বিচাৰে৷

তামোল এখন নোখোৱাকৈ ১.৬৫ লাখ লোকক চাকৰি দিয়া হৈছে৷ গতিকে, অসমৰ ৰাইজৰ আশীর্বাদ আছে৷ এনডিএ তথা বিজেপিৰ নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে জয়লাভ অসমবাসীৰ জয়লাভ বুলি মন্তব্য কৰি পৱিত্র মার্ঘেৰিটাই কয় যে এই জয় ৬৫ লাখ ভাৰতীয় কার্যকর্তাৰ জয়৷ এই জয় ভাৰতীয় জনতা পার্টী, এনডিএৰ দর্শন, আদর্শৰ জয়৷ এই জয় প্রতিগৰাকী কার্যকর্তাৰ একনিষ্ঠ সাধনাৰ জয়৷ এই জয় প্রধানমন্ত্রী নৰেন্দ্র মোদী, গৃহমন্ত্রী অমিত শ্বাহ, সভাপতি নীতিন নবীনৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা তথা সভাপতি দিলীপ শইকীয়া আৰু বুথ কার্যকর্তাসকলৰ সমন্বিত প্রচেষ্টাৰ জয়৷

এই জয় বিকাশৰ জয়, উন্নয়নৰ জয়৷ আমি অসমবাসী ৰাইজৰ প্রতি কৃতার্থ আৰু কৃতজ্ঞ৷ আমাক অসমবাসীয়ে হিয়া উজাৰি আশীর্বাদ দিছে৷ যোৰহাট লোকসভা সমষ্টিৰ নির্বাচনত আমি ৯টা সমষ্টিত পৰাজিত হৈছিলোঁ, এটাত জয়ী হৈছিলো, আজি আমি ৯টা বিধানসভা সমষ্টিত জয়ী হৈছোঁ, এটাত পৰাজিত হৈছোঁ৷ প্রদেশ কংগ্রেছৰ সভাপতি গৌৰৱ গগৈ, বিৰোধী অজাপৰ নেতা লুৰিণজ্যোতি গগৈ আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈক সমালোচনা কৰি সাংসদ, কেন্দ্রীয় মন্ত্রী পৱিত্র মার্ঘেৰিটাই তেওঁলোকে অসমত জাত–পাতৰ ৰাজনীতি কৰা বুলিও অভিযোগ কৰে৷

তেওঁলোকে অসমৰ জাতি–জনগোষ্ঠীৰ মাজত জাত–পাতৰ ৰাজনীতিৰে অসমীয়া জাতিক ভাগ ভাগ কৰিবলৈ চেষ্টা কৰাৰ কাৰণেই অসমৰ ৰাইজে তেওঁলোকক শিক্ষা দিছে বুলিও মন্তব্য কৰে কেন্দ্রীয় মন্ত্রীগৰাকীয়ে৷

ডিজিটেল ডেস্ক, ৫ মে’

You might also like