গুৱাহাটীৰ ৫টা সমষ্টিতে এনডিএৰ বৃহৎ জয়
সকলো ভৱিষ্যদ্বাণী, পূর্বানুমান–সম্ভাৱন্ নস্যাৎ কৰি ৰাজনীতিৰ চাণক্য ড০ হিমন্ত বিশ্ব শর্মাৰ অপ্রতিৰোধ্য শক্তিশেলৰ সন্মুখত ধূলিসাৎ হৈ পৰিল বিৰোধী মিত্রজোঁট৷ ৰাজ্যৰ আন প্রান্তৰ লগতে গুৱাহাটীৰ অন্তর্গত পাঁচটা বিধানসভা সমষ্টিত বিৰোধীক তচনচ কৰি গেৰুৱাময় হৈ পৰিল আটাইকেইটা সমষ্টি৷ জালুকবাৰীৰ পৰা ডিমৰীয়ালৈকে সকলো পিনে উজলি উঠিল বিজেপি মিত্রজোঁটৰ প্রার্থী৷
অসমৰ ৰাজনীতিৰ ধ্রুৱতৰা ড০ হিমন্ত বিশ্ব শর্মাৰ সবল নেতৃত্বত গুৱাহাটীৰ পাঁচ সমষ্টিত বিজেপি মিত্রজোঁটে অকল বিজয় সাব্যস্ত কৰাই নহয়, বৃহৎ ব্যৱধানত বিৰোধী প্রার্থীক পৰাস্ত কৰিবলৈ সক্ষম হৈছে৷ এইবাৰৰ নির্বাচনত পূর্বৰ বিজয়ৰ ধাৰা একেৰাহে অক্ষুণ্ণ ৰাখি এইবাৰো ১,২৭,১৫১টা ভোট লাভেৰে ৩৭নং জালুকবাৰী সমষ্টিত বৃহৎ জয় সাব্যস্ত কৰিলে ড০ হিমন্ত বিশ্ব শর্মাই৷ ড০ শর্মাৰ বিৰুদ্ধে সমষ্টিটোত প্রতিদ্বন্দ্বিতা আগবঢ়াইছিল কংগ্রেছৰ প্রার্থী বিদিশা নেওগে৷ ৮৯,৪৩৪টা ভোটৰ বৃহৎ ব্যৱধানত ড০ হিমন্ত বিশ্ব শর্মাৰ হাতত পৰাস্ত হয় কংগ্রেছ প্রার্থী নেওগ৷ সমষ্টিটোত কংগ্রেছ প্রার্থীগৰাকীয়ে লাভ কৰিলে মাত্র ৩৭,৭১৭টা ভোট৷
একেদৰেই জেন–জি ভোটাৰক লৈ নির্বাচনৰ দিনাৰ পৰাই বিশেষ চর্চা অব্যাহত থকা ৩৬নং মধ্য গুৱাহাটী সমষ্টিত সকলো উৎকণ্ঠাৰ অৱসান পেলাই বিজয় হ’বলৈ সক্ষম হয় বিজেপি প্রার্থী বিজয় কুমাৰ গুপ্তা৷ সমষ্টিটোত বিজেপি প্রার্থী গুপ্তাই ১,০১,২৯৭টা ভোট লাভ কৰাৰ বিপৰীতে অজাপৰ কুংকি চৌধুৰীয়ে লাভ কৰে মাথোঁ ৩৯,৩৭৬টা ভোট৷ মুঠ ৬১,৯২১টা ভোটৰ ব্যৱধানত বিজেপি প্রার্থী গুপ্তাই বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে৷
সফলতাৰ ধাৰা অব্যাহত ৰাখি গুৱাহাটীত অভিজাত সমষ্টিৰূপে খ্যাত ৩৫নং নিউ গুৱাহাটী সমষ্টিত এইবাৰ পুনৰ বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে বিজেপি দলে৷ নির্বাচনী ফলাফলত সমষ্টিটোত বিজেপি প্রার্থী দিপ্লুৰঞ্জন শর্মাই ৮৯,৬৩৬টা ভোট লাভ কৰাৰ পৰিৱর্তে কংগ্রেছৰ শান্তনু বৰাই লাভ কৰিছে ৪১,৯৬৮টা ভোট৷ ৪৭,৬৬৮টা ভোটৰ ব্যৱধানত বিজেপি প্রার্থী শর্মাৰ হাতত পৰাস্ত হয় কংগ্রেছৰ শান্তনু বৰা৷ বিজয়ৰ পিছতে এই সকলোখিনিৰ বাবে ড০ হিমন্ত বিশ্ব শর্মাক কৃতিত্ব প্রদান কৰি বিজেপি প্রার্থী শর্মাই কয় যে আধুনিক অসমৰ স্বপ্ণদ্রষ্টা ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বৰ বাবে এয়া সম্ভৱ হৈছে৷ ৰাইজে তেওঁৰ ওপৰত ৰখা সকলো বিশ্বাস ভালদৰে পালন কৰিবলৈ চেষ্টা কৰিব বুলি মন্তব্য কৰি দিপ্লুৰঞ্জন শর্মাই কয় যে আজিৰ পৰা দায়িত্ব বাঢ়িল৷ ৰাইজক ভাল কথাখিনি দেখুৱাই দিয়াৰ লগতে বেয়াখিনিও দেখুৱাই দিবলৈ তেওঁ আহ্বান জনায়৷
আনহাতে ৩৩নং দিছপুৰ বিধানসভা সমষ্টিতো বৃহৎ ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে বিজেপিয়ে৷ সমষ্টিটোত বিজেপি প্রার্থী প্রদ্যুৎ বৰদলৈয়ে ১,০৩,৩৩৭টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্রেছৰ মীৰা বৰঠাকুৰ গোস্বামীয়ে ৫৩,৬৭০টা ভোটতে ক্ষান্ত থাকিবলগীয়া হয়৷ কংগ্রেছ প্রার্থীগৰাকীৰ বিৰুদ্ধে ৪৯,৬৬৭টা ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰিছে বিজেপি প্রার্থী প্রদ্যুৎ বৰদলৈয়ে৷ একেদৰে টিকট নোপোৱাৰ ক্ষোভত নির্বাচনৰ পূর্বে বিজেপি ত্যাগ কৰি নির্দলীয়ভাৱে নির্বাচনত অৱতীর্ণ হোৱা জয়ন্ত দাসেও সমষ্টিটোত ২২,৮০২টা ভোট লাভ কৰিয়ে ক্ষান্ত হ’বলগীয়া হয়৷ বিজয়ৰ পিছতেই বিজেপি প্রার্থী প্রদ্যুৎ বৰদলৈয়ে এয়া এক স্বর্গীয় অনুভূতি, যাক ভাষাৰে বুজাব নোৱাৰি বুলি তাৎপর্যপূর্ণ মন্তব্য আগবঢ়ায়৷ তেওঁ কয় যে অসমবাসী ৰাইজে ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বৰ প্রতি পূর্ণ আস্থা এইবাৰ ফলাফলৰ জৰিয়তে প্রদান কৰাৰ লগতে ড০ শর্মাৰ বলিষ্ঠ নেতৃত্বক সজোৰে স্বীকৃতি প্রদান কৰিলে৷ বক্তব্যৰ মাজতে কংগ্রেছক সমালোচনা কৰি তেওঁ কয় যে নেতৃত্বৰ দোষৰ বাবেই কংগ্রেছৰ এই অৱস্থা হৈছে৷ তেওঁলোকে সময় থাকোঁতে নিজকে শুধৰাই ল’ব বুলি মই আশা কৰিছোঁ৷
আনহাতে ৩৪নং ডিমৰীয়া সমষ্টিত মুঠ ১,১৬,০৫৮টা ভোটেৰে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে অসম গণ পৰিষদৰ প্রার্থী ড০ তপন দাসে৷ সমষ্টিটোত মুঠ ৬৫,৩৮৫টা ভোটৰ ব্যৱধানত অগপ প্রার্থী তপন দাসে বিৰোধী কংগ্রেছৰ প্রার্থী কিশোৰ কুমাৰ বৰুৱাক পৰাজিত কৰিবলৈ সক্ষম হৈছে৷ কংগ্রেছ প্রার্থী বৰুৱাই লাভ কৰিছে ৫০,৬৭৩টা ভোট৷ অপ্রত্যাশিত বিজয়ৰ পিছতে অগপ প্রার্থী তপন দাসে ৰাজনীতিৰ চাণক্য ড০ হিমন্ত বিশ্ব শর্মাক কৃতজ্ঞতা প্রকাশ কৰাৰ লগতে অগপ নেতৃত্বকো ধন্যবাদ জ্ঞাপন কৰে৷ দুখে–সুখে প্রতিটো মুহূর্তই ডিমৰীয়াবাসী ৰাইজৰ লগত থাকিব বুলিও তেওঁ প্রতিশ্রুতি দিয়ে৷ যি কি নহওক, অসম বিধানসভাৰ সম্ভাব্য ফলাফলক লৈ ৰাজ্যজুৰি ভিন্ন চর্চা অব্যাহত আছিল যদিও বিৰোধীৰ সকলো পৰিকল্পনা তচনচ কৰি গুৱাহাটীৰ পাঁচটা সমষ্টি গেৰুৱাময় হৈ পৰিল৷ এয়া একমাত্র সম্ভৱপৰ হৈছে ৰাজনীতিৰ চাণক্য ড০ হিমন্ত বিশ্ব শর্মাৰ পৰিশ্রম, অধ্যৱসায় আৰু নিখুঁত পৰিকল্পনাৰ বাবেহে৷
ডিজিটেল ডেস্ক, ৫ মে’