ক’ৰোনা প্ৰতিৰোধত ধৰ্মীয় অনুষ্ঠানৰ সহায় বিচাৰিলে মুখ্যমন্ত্ৰী সোণোৱালে
নিয়মীয়া বাৰ্তা, ১০ এপ্ৰিলঃ ৰাজ্যত ক’ৰোনা প্ৰতিৰোধৰ ক্ষেত্ৰত ধৰ্মীয় অনুষ্ঠানৰ মুৰব্বীসকলৰ সহায় বিচাৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । অসম প্ৰদাধিকাৰী মহাবিদ্যালয়ত ১৬ টা ধৰ্মীয় অনুষ্ঠানৰ মুৰব্বীসকলৰ সৈতে বহা এক বৈঠকত অসমত জাতি-ধৰ্ম ভাষা নিৰ্বিশেষে সমাজৰ প্ৰতিজন লোকেই যাতে নকডাউনৰ নীতি নিৰ্দেশনা মানি চলে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।
মুখ্যমন্ত্ৰী সোণোৱালে লগতে কয় যে সমাজত ধৰ্মৰ এক প্ৰভাৱ আছে । সেয়ে প্ৰতিটো ধৰ্মৰ গুৰুসকলে নিজ ভক্তক এই ৰোগৰ ভয়াৱহতাৰ বিষয়ে অৱগত কৰি সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈ আহ্বান কৰে । কোনো ধৰ্মীয় উপাসনাস্থালীত যাতে জনসমাগম নহয়, সেই দিশত গুৰুসকলে জনসচেতনতাৰ ক্ষেত্ৰতো আগভাগ লবলৈ আহ্বান জনায় ।