নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বহিঃৰাজ্যত পুনৰ লখিমপুৰৰ যুৱকৰ মৃতদেহ উদ্ধাৰ, হত্যাৰ সন্দেহ পৰিয়ালৰ

নিয়মীয়া বাৰ্তা, শিমলুগুৰি, ১৯ মে’ : বহিঃৰাজ্যত কৰ্মসংস্থাপনৰ বাবে যোৱা এজন যুৱকৰ গলিত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই  তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । মৃতদেহটো লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ শিমলুগুৰি আৰক্ষী চকীৰ অন্তৰ্গত দাধৰা আমগুৰি গাঁৱৰ প্ৰয়াত ঘনকান্ত চেতিয়াৰ পুত্ৰ চেনিৰাম চেতিয়া (৪৫)ৰ বুলি পৰিয়ালৰ লোকে চিনাক্ত কৰিছে।

জানিব পৰা মতে, যোৱা ৮ মে’ত একে গাঁৱৰে দুজন লোকৰ লগত কেৰালাৰ এটা ব্যক্তিগত খণ্ডৰ কোম্পানীত কাম কৰিবৰ বাবে চেনিৰাম ঘৰৰ পৰা ৰাওনা হৈছিল। তেওঁলোকে ১১ মে’ত ৰাতি ৯.৩০ বজাত বেংগালুৰুৰ পৰা এখন যাত্ৰীবাহী ৰে’লেৰে কেৰালালৈ  গৈ থকা অৱস্থাত শৌচাগাৰলৈ বুলি যোৱা চেনিৰাম বহু সময় ধৰি লগৰকেইজনৰ ওচৰলৈ নহাত তেওঁলোকে বিচাৰ-খোঁচাৰ কৰি চেনিৰামক নাপাই ৰে’লৱে আৰক্ষীক বিষয়টো অৱগত কৰে। তেতিয়াৰ পৰাই একপ্ৰকাৰ ৰহস্যজনকভাৱে সন্ধানহীন হৈ পৰে এটি সাত বছৰীয়া কন্যা সন্তানৰ পিতৃ চেনিৰাম চেতিয়া। লগত যোৱা দুজনে নিৰ্দিষ্ট সময়ত কেৰালা পায় যদিও তামিলনাডুৰ ৰে’ল আৰক্ষীৰ লগত সঘন যোগাযোগ ৰাখে

ইয়াৰ মাজতে চেনিৰাম সন্ধানহীন হোৱাৰ প্ৰায় ছদিনৰ পাছত অৰ্থাৎ ১৬ মে’ত বেংগালুৰুৰ পৰা প্ৰায়  ১৮৫ কিলোমিটাৰ দূৰৈৰ ধৰ্মাপুৰ আৰু চালেম ৰে’ল ষ্টেচনৰ মাজত এক পৰিত্যক্ত ঠাইত আৰক্ষীয়ে এটা গলিত মৃতদেহ উদ্ধাৰ কৰে। মৃতদেহৰ লগত চিনাক্তকৰণৰ বাবে কোনোধৰণৰ নথি-পত্ৰ নথকাত সন্দেহবশতঃ চেনিৰামৰ লগত যোৱা লোক দুজনলৈ আৰক্ষীয়ে মৃতদেহৰ ফটো প্ৰেৰণ কৰে। তেওঁলোকে সেই ফটো পৰিয়ালৰ লোকলৈ প্ৰৰণ কৰে। আজি পৰিয়ালৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ চিনাক্ত কৰাৰ পাছত আৰক্ষীৰ পৰা চমজি লয়। এই খবৰে ঘৰখনত কান্দোনৰ ৰোল তুলিছে।

পৰিয়ালৰ লোকে এই ঘটনাক এক হত্যাকাণ্ড বুলি অভিযোগ তুলিছে। চেনিৰামে পত্নীসহ এটি সাত বছৰীয়া কন্যা সন্তানক ইহসংসাৰত এৰি যায়।

You might also like