নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২০ মে’, জেঠ মাহৰ ৫ তাৰিখ
বুধবাৰ : তিথি–শুক্লা দ্বিতীয়া, নক্ষত্র : উত্তৰ ভাদ্রপদ, যাত্রা : নাই

মেষ : পুৱাৰ সময়ত কিছু নিৰাশ হোৱা দেখা যাব৷ প্রয়োজনীয় ক্ষেত্রত সাৱধানে থাকিব৷ প্রেম–দাম্পত্যত মধ্যম৷ শৰীৰৰ বিষয়ে চিন্তা থাকিব৷ শুভ ৰং বগা৷ শুভ সংখ্যা ১৷

বৃষ : কিছু বিষয়ত উৎকণ্ঠা থাকিব৷ কর্মক্ষেত্রত মানসিক চঞ্চলতা বৃদ্ধি হ’ব পাৰে৷ আর্থিকত মধ্যম৷ প্রেম–প্রণয়ত ভাল৷ শুভ ৰং মুগা৷ শুভ সংখ্যা ৫৷

মিথুন : দিনটোত খৰচৰ মাত্রা বৃদ্ধি হোৱাৰ কাৰকতা আছে৷ বিশেষ কোনো চেষ্টাৰ ফলত ভাল ফলাফল আশা কৰিব পাৰি৷ পঢ়া–শুনাত মনোযোগ বৃদ্ধি৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ২৷

কর্কট : হঠাৎ কোনো সমস্যাৰ সন্মুখীন হ’ব পাৰে৷ কোনো যোগাযোগত ভাল ফল দেখা যায়৷ ভ্রমণত শুভ৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৩৷

সিংহ : বিদ্যার্থীসকলে পঢ়া–শুনাত মনোযোগ দিয়া ভাল৷ ব্যৱসায়–বাণিজ্যত ভাল দেখা যায়৷ কোনো নতুন সংবাদে মনত আনন্দ দিব৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৬৷

কন্যা : শৰীৰ, স্বাস্থ্য খুব ভাল নাযায়৷ ভ্রমণত শুভ ফল লাভ কৰিব৷ সামাজিক কর্মত স্বীকৃতি লাভ কৰিব৷ বিবাহৰ চেষ্টা সফল হ’ব পাৰে৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৭৷

তুলা : আর্থিক ভাল৷ প্রাপ্য পোৱাৰ আশা আছে৷ মাতৃৰ শাৰীৰিক অশুভ৷ সন্তানৰ কর্মপ্রাপ্তিৰ যোগ৷ প্রেম আৰু দাম্পত্যত বাধা৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৩৷

বৃশ্চিক : স্ত্রীৰ শাৰীৰিক অসুস্থতাৰ বাবে মানসিক অশান্তি বৃদ্ধি৷ উচ্চ শিক্ষাৰ ক্ষেত্রত চিন্তা থাকিব৷ ভ্রমণত বাধাৰ আশংকা দেখা যায়৷ কর্মত শুভ৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৫৷

ধনু : শৰীৰ মধ্যম৷ সামাজিক কর্মত দায়িত্ব বৃদ্ধি৷ মনৰ কোনো আশা পূৰণ হ’ব পাৰে৷ চিকিৎসা সংক্রান্তত খৰচৰ মাত্রা বাঢ়িব৷ শুভ ৰং আকাশী৷ শুভ সংখ্যা ৪৷

মকৰ : কর্মপ্রার্থীৰ বাবে দিনটো ভাল হোৱাৰ যোগ৷ সন্তানৰ স্বাস্থ্যৰ প্রতি নজৰ ৰাখিব৷ শুভ ৰং মাটিয়া৷ শুভ সংখ্যা ৮৷

কুম্ভ : বিবাহৰ কথা–বার্তা ফলপ্রসূ হোৱাৰ সম্ভাৱনা৷ চলা–ফুৰাত সতর্ক থাকক৷ শুভ ৰং ক’লা৷ শুভ সংখ্যা ৪৷

মীন : পৈতৃক সম্পত্তিক কেন্দ্র কৰি বিৰোধ হোৱাৰ সম্ভাৱনা৷ প্রেমত শুভ৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা তিনি৷

You might also like