নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বমুখী অসমৰ পৰিচয় : এৰী আৰু জহা চাউলে কঢ়িয়ালে গৌৰৱৰ সুবাস

বিশ্বৰ কূটনৈতিক মঞ্চত এতিয়া পুনৰ উজলি উঠিছে অসমৰ পৰিচয়। অসমৰ গৌৰৱ আৰু স্বাভিমান এৰী বস্ত্ৰক বিশ্বমুখী কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰিছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

ইটালী ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনিক উপহাৰ হিচাপে আগবঢ়োৱা ঐতিহ্যমণ্ডিত এৰী চাদৰে পুনৰ এবাৰ বিশ্বদৰবাৰত অসমৰ বয়নশিল্পৰ গৌৰৱ উজলাই তুলিছে। শান্তিৰ প্ৰতীক হিচাপে পৰিচিত এৰী বস্ত্ৰক অসমৰ আত্মা, সংস্কৃতি আৰু স্বকীয়তাৰ এক উজ্জ্বল প্ৰতিচ্ছবি হিচাপে গণ্য কৰা হয়।

একেদৰে খাদ্য আৰু কৃষি সংস্থাৰ সঞ্চালকপ্ৰধান Qu Dongyu-লৈ আগবঢ়োৱা সুগন্ধি জহা চাউলেও বিশ্ববাসীৰ আগত অসমৰ মাটিৰ অনন্য সুবাস আৰু কৃষি ঐতিহ্যক চিনাকি কৰাই দিছে।

প্ৰধানমন্ত্ৰীয়ে অসমৰ শিল্প, সংস্কৃতি আৰু ঐতিহ্যক বিশ্বমঞ্চত মৰ্যাদাপূৰ্ণ স্থান দি আহিছে।

ডিজিটেল ডেস্ক, ২১ মে’

You might also like