নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ শ্যামবজাৰত ভয়াৱহ দুৰ্ঘটনাত নিহত ট্ৰাকচালক, গুৰুতৰভাৱে আহত দুজন

ডিজিটেল ডেস্ক, আগমনি, ২২ মে’ : ধুবুৰী জিলাৰ অসম-বংগ সীমান্তৰ ছাগলীয়া আৰক্ষী চকীৰ অন্তৰ্গত শ্যামবজাৰত পুৱাই সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা।

জানিব পৰা মতে, উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ পৰা গুৱাহাটী অভিমুখী মালবাহী ইউ পি-১৪ এইচ টি-১০৮৫ আৰু গৌৰীপুৰৰ পশ্চিমবংগ অভিমুখী তীব্ৰবেগী ইটাভৰ্তি এ এছ-২৫ এফ চি-৮৫২৭ নম্বৰৰ ট্ৰাক দুখন মুখামুখি সংঘৰ্ষ হয়। ফলত থিতাতে মৃত্যু হয় শাকিল নামৰ উত্তৰ প্ৰদেশৰ পৰা অহা ট্ৰাকচালকৰ। আনহাতে, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় উত্তৰ প্ৰদেশৰ পৰা অহা ট্ৰাকচালকৰ সহায়ক ৰাজা ৰাম আৰু ইটাভৰ্তি ট্ৰাকৰ চালক। ইটাভৰ্তি ট্ৰাকখনৰ চালকৰ পৰিচয় এতিয়ালৈ জানিব পৰা নাই।

স্থানীয় ৰাইজে আঘাতপ্ৰাপ্ত দুয়োকে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে যদিও অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। স্থানীয় দল-সংগঠনৰ অভিযোগ মতে, নিতৌ গৌৰীপুৰ, বালাজান আৰু গোলকগঞ্জৰ বিভিন্ন ইটা ভাতাৰ পৰা পশ্চিমবংগলৈ যোৱা অভাৰলোড ইটাভৰ্তি তীব্ৰবেগী ট্ৰাক, পিকআপ ভেনৰ ফলত প্ৰায়েই পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে। সকলো জানিও চকু মুদা কুলিৰ ভাও ধৰিছে ধুবুৰী পৰিবহণ বিভাগে।

You might also like