নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ চাহিদা অনুসৰি তেল যোগান ধৰিবলৈ সাজু আমেৰিকা : মাৰ্কো ৰুবিঅ’

ডিজিটেল ডেস্ক, ২২ মে’ : ইৰান যুদ্ধৰ ফলত হৰমুজ প্ৰণালী অৱৰোধ হোৱাত ভাৰত ইন্ধন সংকটত পৰিছে। দেশত পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি পাইছে। এনে পৰিস্থিতিত ভাৰতক তেল যোগান ধৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে ৱাশ্বিংটনে। আমেৰিকাৰ বিদেশ সচিব মাৰ্কো ৰুবিঅ’ৰ ভাষাত— নতুন দিল্লীয়ে যিমান কিনিব বিচাৰে, আমেৰিকাই সিমানেই তেল বিক্ৰী কৰিবলৈ সাজু। তেওঁ আৰু কয় যে আমেৰিকাই ইতিমধ্যে ভাৰতৰ সৈতে তেলক লৈ আলোচনা সম্পন্ন কৰিছে। তেল ৰপ্তানিত নতুন দিল্লীক বৃহত্তৰ অংশীদাৰ হিচাপে গঢ়ি তুলিবলৈ আগ্ৰহী ৱাশ্বিংটন। তেওঁ স্পষ্ট কৰি দিয়ে যে ভাৰতক যিমান তেলৰ প্ৰয়োজন, সিমান প্ৰদান কৰিবলৈ তেওঁলোক ইচ্ছুক।

ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতিক অপহৰণ কৰাৰ পিছত সেই দেশৰ তেল খনিসমূহ আমেৰিকাই নিয়ন্ত্ৰণ কৰি আছে। এনে অৱস্থাত আমেৰিকাৰ শোধনাগাৰসমূহ ভেনিজুৱেলাৰ পৰা অহা অশোধিত তেলেৰে ভৰি পৰিছে। যোৱা ফেব্ৰুৱাৰী মাহতেই আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কৈছিল যে ভেনিজুৱেলাৰ পৰা ৮০ মিলিয়ন বেৰেল তেল আমেৰিকালৈ আহিছে। এই পৰিস্থিতিত ৰুবিঅ’ই কয়, “ভাৰতৰ সৈতে কাম কৰাৰ বহু সুযোগ আছে। তেওঁলোক আমাৰ অতি ভাল বন্ধু আৰু উৎকৃষ্ট অংশীদাৰ।”

উল্লেখ্য, অহা ২৪ মে’ৰ পৰা ২৬ মে’লৈ আমেৰিকাৰ বিদেশ সচিব মাৰ্কো ৰুবিঅ’ ভাৰত ভ্ৰমণলৈ আহিব। সেই সময়ত দিল্লীৰ উপৰি আগ্ৰা, জয়পুৰ আৰু কলকাতা ভ্ৰমণ কৰিব তেওঁ। এনে সময়ত আমেৰিকাৰ বিদেশ সচিবৰ আগমন যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি ধৰা হৈছে। উল্লেখ্য যে ৰুবিঅ’ৰ ভাৰত ভ্ৰমণত বাণিজ্য আৰু প্ৰতিৰক্ষা সহযোগিতা বিষয়ক আলোচনা কৰিব দুয়োখন দেশে।

You might also like