ক’ৰোনাত আক্ৰান্ত হ’লে আৰক্ষীৰ বাবে সাজু ১৫০০ বিছনা, ৩০ গৰাকী চিকিৎসক
নিয়মীয়া বাৰ্তা ১০এপ্ৰিলঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ আতংক মাজতে বৃহস্পতিবাৰে নলবাৰীত উপস্থিত হৈ এক পৰ্যালোচনাত অংশ লয় ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই । এই পৰ্যালোচনা বৈঠকত পিছত সাংবাদিকৰে মুখামুখি হৈ ভাস্কৰজ্যোতি মহন্তই কয় যে এই সময়ত আৰক্ষীক অধিক সৰ্তক কৰাৰ বাবে এই বৈঠকত পৰ্যালোচনা কৰা হয় ।
লগতে কিবা কাৰণত আৰক্ষীৰ লোক ক’ৰোনাত আক্ৰান্ত হ’লে সুকীয়াকৈ চিকিৎসা কৰাৰ বাবে আছুতীয়াকৈ পোন্ধৰ শ বিছনা আৰু ত্ৰিশগৰাকী চিকিৎসক সাজু কৰি ৰখা হৈছে বুলি মন্তব্য কৰে ।
ইপিনে ছ’চিয়েল মিডিয়াৰ ক্ষেত্ৰত আৰক্ষীয়ে তীক্ষ্ণ দৃষ্টি ৰখা বুলি ব্যক্ত কৰে ।