নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ISBT-ত বৃহৎ কেঁকো সাপ সৰবৰাহ চক্ৰ উৎখাত

গুৱাহাটীৰ ISBT-ত পুনৰ পোহৰলৈ আহিল চোৰাং বন্যপ্ৰাণী সৰবৰাহ চক্ৰ। এডাল-দুডাল নহয়, একেলগে ২৬ডালকৈ দুষ্প্ৰাপ্য কেঁকোসাপ উদ্ধাৰ হোৱাত মহানগৰীত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য।

গোপন সূত্ৰৰ ভিত্তিত নিশা অভিযান চলাই গড়চুক আৰক্ষীয়ে উদ্ধাৰ কৰে এই দুষ্প্ৰাপ্য প্ৰজাতিৰ সাপকেইডাল। আৰক্ষীয়ে জনোৱা মতে, কাৰ্বি আংলঙৰ পৰা মটৰচাইকেলেৰে সাপকেইডাল কঢ়িয়াই আনি ISBT-ৰ জৰিয়তে বহিঃৰাজ্যলৈ সৰবৰাহ কৰাৰ প্ৰস্তুতি চলাই থকাৰ সময়তে হাতে-লোতে ধৰা পৰে দুজন চোৰাং সৰবৰাহকাৰী।

ধৃত দুয়োজন হৈছে ইক্ৰামূল হুছেইন আৰু জমিৰুদ্দিন। আৰক্ষীৰ তথ্য অনুসৰি, প্ৰতিডাল কেঁকো সাপৰ বজাৰ মূল্য দহ লাখ টকাৰো অধিক। উদ্ধাৰ হোৱা ২৬ ডাল কেঁকো সাপৰ মুঠ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ৩ কোটি টকা বুলি জানিবলৈ দিছে আৰক্ষীয়ে।

আৰক্ষীক চকুত ফাঁকি দিবলৈ বাঁহৰ চুঙাৰ ভিতৰত বিশেষভাৱে লুকুৱাই অনা হৈছিল সাপকেইডাল। অভিযানৰ পিছতে সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় তীব্ৰ চাঞ্চল্য।

ইতিমধ্যে ঘটনাটোৰ অধিক তদন্ত আৰম্ভ কৰিছে অসম আৰক্ষীয়ে। উদ্ধাৰ হোৱা কেঁকো সাপকেইডাল বন বিভাগক চমজাই দিয়া হৈছে বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে।

ডিজিটেল ডেস্ক, ২৩ মে’

You might also like