নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বহি:ৰাজ্যত কৰ্মসূত্ৰে যোৱা ধন কটকী সন্ধানহীন

বিহালী সমষ্টিৰ অন্তৰ্গত জামুৱনী গাঁও নিৱাসী ধন কটকীয়ে বাংঙ্গালোৰলৈ কৰ্মসূত্ৰে যোৱা ১৫ তাৰিখে ঘৰৰ পৰা ওলাই গৈছিল।

জানিব পৰা মতে, কাম কৰিবলৈ গৈ থকাৰ সময়তে অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাড়া ৰে’ল ষ্টেশ্যনৰ পৰা নিৰুদ্দেশ হৈছে।

যোৱা ১৭ তাৰিখৰ পৰা পৰিয়ালৰ লগত কোনো যোগাযোগ নাই ধন কটকীৰ। ঘটনা সংক্ৰান্তত বিহালী আৰক্ষী থানাত অৱগত কৰে যদিও বৰ্তমানেও ধন কটকীৰ সন্ধান লাভ কৰা নাই।

এতিয়া অসহায় পৰিয়ালটোৱে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সহায় বিচাৰিছে। ব্যক্তিজনৰ সন্ধান পালে 7637943881 নম্বৰত যোগাযোগ কৰিব অনুৰোধ জনাইছে।

ডিজিটেল ডেস্ক, ২৩ মে’

You might also like