নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰত যাত্ৰীবাহী নৈশবাছ দুৰ্ঘটনাগ্ৰস্ত, এজনৰ প্ৰাণহানি

ডিজিটেল ডেস্ক, ২৩ মে’ : লখিমপুৰ জিলাৰ দলোহাট তিনিআলিত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এখন নৈশ বাছ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত এজন লোক নিহত হোৱাৰ উপৰি প্ৰায় ৪০জনৰো অধিক যাত্ৰী আহত হয়। দুৰ্ঘটনাত আহত যাত্ৰীক সংকটজনক অৱস্থাত লখিমপুৰ মেডিকেল কলেজত ভৰ্তি কৰোৱা হয়।

জানিব পৰা মতে, এ আৰ-০১ডব্লিউ-১১৪৪ নম্বৰৰ যাত্ৰা নামৰ নৈশবাছখন গুৱাহাটীৰ পৰা মাজুলীলৈ আহি থকা অৱস্থাত পুৱতি নিশা চাৰিমান বজাত দলোহাট তিনিআলিত নিয়ন্ত্ৰণ হেৰুৱাই এজোপা গছত খুন্দা মাৰি বাছখন পথৰ ওপৰতে বাগৰি পৰে। দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ সন্মুখ ভাগ চূৰমাৰ হৈ পৰে। প্ৰচণ্ড শব্দৰে হোৱা দুৰ্ঘটনাত স্থানীয় লোক সমৱেত হৈ কেইবাজনো যাত্ৰীক উদ্ধাৰ কৰে । পাছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক জৰুৰী এম্বুলেন্স সেৱাৰে লখিমপুৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে। উল্লেখ্য যে নিহত লোকজন মাজুলীৰ দীপজ্যোতি বৰা বুলি চিনাক্ত কৰা হৈছে।

দুৰ্ঘটনাগ্ৰস্ত বাছখনত অহা লক্ষ্যনাথ দলে নামৰ যাত্রীজনে সৌভাগ্যক্ৰমে কোনো আঘাত নোপোৱাকৈ ৰক্ষা পৰে। ঘটনাৰ বৰ্ণনা দি তেওঁ কয়- বাছখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ প্ৰায় তিনিশ মিটাৰ আগতে নিয়ন্ত্রণ হেৰুৱাইছিল। প্ৰায় তিনিশ মিটাৰ মান বাছখন অথালি-পঠালিকৈ নিয়ন্ত্রণহীনভাৱে আহি পথৰ গাতে লাগি থকা এজোপা গছত খুন্দিয়াই পথৰ ওপৰতে বাগৰি পৰে। আমি কোনোমতে বাছৰ এটা অংশ ভাঙি বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হওঁ। বাছখনত প্ৰায় ৫০জন যাত্রী আছিল। প্ৰায় সকলোখিনিয়েই কম-বেছি পৰিমাণে আহত হৈছে। এজন যাত্রীৰ আমাৰ চকুৰ আগতে মৃত্যু হয়। তেওঁক বাছৰ অংশই হেঁচা মাৰি ধৰিছিল। আমি তেওঁক উদ্ধাৰৰ বাবে চেষ্টা কৰিছিলোঁ। পিছে আমাৰ চকুৰ আগতে তেওঁৰ মৃত্যু হয়।

কাহিলিপুৱাতে সংঘটিত এই ভয়াৱহ দুৰ্ঘটনাটোৱে লখিমপুৰত এক শোকাকুল পৰিৱেশ সৃষ্টি কৰে।

You might also like