লকডাউনে মৃত্যুঘণ্টা বজাইছে শিলঘাটৰ মৰাপাট কলতঃ সংকটত কৰ্মচাৰী
নিয়মীয়া বাৰ্তা, ১০ এপ্ৰিলঃএইবাৰ মৃত্যুঘণ্টা বাজিছে সমবায় খণ্ডত প্ৰতিষ্ঠিত ৰাজ্যৰ একমাত্ৰ উদ্যোগ কলিয়াবৰৰ শিলঘাটস্থিত অসম সমবায় মৰাপাট কলত । লকডাউনৰ ফলত এখ পষেক ধৰি মিলটো বন্ধ হৈ থকাত আৰু দৈনিক ৪-৫ লাখকৈ টকা লোকচান হোৱাত মিলটোলৈ অশনি সংকেট নামি আহিছে ।
উল্লেখ্য যে যোৱা ১ পষেক ধৰি লকডাউনৰ বাবে বন্ধ হৈ আছে কলটো । যাৰ ফলত উদ্যোগটোৰ প্ৰতিদিনে ৪-৫ লাখকৈ টকা লোকচান হৈছে । অসম সমবায় মৰাপাট কলটোৰ দৈনিক লোকচানৰ কথা প্ৰকাশ কৰিছে মিলটোৰ পৰিচালন সঞ্চালক গুণমনি গগৈয়ে । এই পৰ্যন্ত মিলটোৰ ৬০-৭০ লাখ টকা লোকচান হৈছে ।
স্মৰ্তব্য় যে শিলঘাটৰ অসম সমবায় মৰাপাট কলটোত প্ৰায় এহেজাৰ বিষয়া-কৰ্মচাৰী নিয়োজিত হৈ আছে লগতে জিলাখনৰ উপৰি প্ৰতিবেশী কেইবাখনো জিলাৰ শ শ মৰাপাট খেতিয়ক এই মৰাপাট উদ্যোগটোৰ সৈতে জড়িত হৈ আছে । তেনে পৰিপ্ৰক্ষিতত মিলটো সুদীৰ্ঘ দিন ধৰি বন্ধ হৈ থকাত দৈনিক ৪ লাখকৈ টকা লোকচান হোৱাত সকলো এতিয়া চিন্তিত হৈ পৰিছে ।