পাটাছাৰকুছি শাখা সাহিত্য সভা (শতদল)ৰ বিশেষ বাৰ্ষিক অধিৱেশনখন দিনজোৰা কাৰ্যসূচীৰে আজি অনুষ্ঠিত হৈ যায়৷ এই উপলক্ষে পুৱা ৯.৩০ বজাত শাখা সাহিত্য সভাৰ কাৰ্যালয়ৰ বাকৰিত পতাকা উত্তোলন কৰে শাখা সভাৰ সভাপতি হৰ্ষমোহন শৰ্মাই৷ স্মৃতি তৰ্পণ কাৰ্যসূচী মুকলি কৰে উপ-সভাপতি অপূৰ্ব কুমাৰ শৰ্মাই৷ ইয়াৰ পিছতে প্ৰাগজ্যোতি ক্লাবৰ সভাকক্ষত সভাপতি হৰ্ষমোহন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সাধাৰণ সভাত অসম সাহিত্য সভাৰ স্থায়ী বিত্তীয় নিধিৰ আহ্বায়ক গোবিন্দ কলিতাই কেন্দ্ৰীয় সমিতিৰ পৰ্যবেক্ষক হিচাপে উপস্থিত থাকি সাহিত্য সভাৰ সাংগঠনিক দিশ সম্পৰ্কে বক্তব্য আগবঢ়ায়৷
সভাত শাখা সভাৰ প্ৰাক্তন সভাপতি ৰবীন্দ্ৰ নাথ শৰ্মা, দিলীপ কুমাৰ ৰয়, ধনভৰালী গোপেশ কুমাৰ শৰ্মা, প্ৰাক্তন সম্পাদক কিশোৰ শৰ্মা, ডিম্বেশ্বৰ শৰ্মা, প্ৰাক্তন উপ-সভাপতি হিতেশ চন্দ্ৰ গোস্বামী আদিয়েও বক্তব্য আগবঢ়ায়৷ শাখা সভাৰ সম্পাদক সুভাষ ডেকাই বাৰ্ষিক প্ৰতিবেদন পাঠ কৰা সভাখনত হিতৈষী সভ্য গৌতম গোস্বামী, উৎপল মেধি, আজীৱন সভ্য শৈলজানন্দ গোস্বামী, নৱকান্ত কলিতা, নৰনাথ ৰয়, নলিনী কুমাৰ শৰ্মা, বিনয় গোস্বামী, প্ৰণৱ কলিতা, মুনীন্দ্ৰ গোস্বামী, সদাৰাম দাস, ৰবেন গোস্বামী, মৃদুল গোস্বামী, আমিনুল হক আদিকে ধৰি ভালেসংখ্যক লোক উপস্থিত থাকে৷
নিয়মীয়া বাৰ্তা, পাটাছাৰকুছি, ২৪ মে’ :