নিয়মীয়া বাৰ্তা, সৰুপথাৰ, ২৪ মে’ : সৰুপথাৰ সম-জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী বি ছেক্টৰৰ অসমৰ ভূমিত নগা ব্যক্তিয়ে নাগালেণ্ডৰ নাম উল্লেখ কৰি দোকান খোলাক লৈ সীমান্তত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷
জানিব পৰা মতে, উৰিয়ামঘাট আৰক্ষী থানাৰ অন্তৰ্গত সীমান্তৱৰ্তী হালধিবাৰী-লাচিতগাঁও পঞ্চায়ত এলেকাৰ ডিমৰুজানত বসবাস কৰা ৩-৪টা নগা পৰিয়ালে ৱচান ভিলেজ নামেৰে এখন গাঁও প্ৰতিষ্ঠা কৰাৰ লগতে নতুনকৈ এখন গেলামাল আৰু হাৰ্ডৱেৰ দোকান নিৰ্মাণ কৰি ৱচান ভিলেজ, ঊষা, নাগালেণ্ড বুলি ছাইন ব’ৰ্ড লগোৱা অঞ্চলবাসীয়ে প্ৰত্যক্ষ কৰে ৷
উল্লেখ্য যে নতুনকৈ নিৰ্মাণ কৰা দোকান ঘৰসমূহ অসম চৰকাৰৰ দ্বাৰা সদ্য উচ্ছেদিত সন্দেহজনক ব্যক্তিসকলক ভাৰালৈ দিয়া বুলি জানিব পৰা গৈছে ৷ অসমৰ উৰ্বৰ ভূমিৰ ওপৰত লোলুপ দৃষ্টি দি অহা নগা লোকসকলে সদায় পাকে প্ৰকাৰান্তৰে অসমৰ ভূমি বেদখলৰ চেষ্টা অব্যাহত ৰাখিছে ৷
ইফালে, অসমৰ ভূমি নিজৰ বুলি দাবী কৰি এনেদৰে দোকান নিৰ্মাণ কৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে অঞ্চলটোৰ আছু, আটাছু , গোৰ্খা ছাত্ৰ সন্থা , আক্ৰাছুকে আদি কৰি বিভিন্ন দল-সংগঠনে ৷ শীঘ্ৰে এই নিৰ্মাণকাৰ্য বন্ধ কৰাৰ লগতে নাগালেণ্ড সন্নিৱিষ্ট নামফলক আঁতৰাই পেলাবলৈ অসম চৰকাৰৰ ওচৰত অঞ্চলবাসী সচেতন মহলৰ লগতে দল-সংগঠনসমূহে দাবী জনাইছে ৷