নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিলাসীপাৰাত জাগ্ৰত মন্দিৰত চুৰিকাণ্ড, আৰক্ষীৰ তদন্ত আৰম্ভ

ডিজিটেল ডেস্ক, ২৪ মে’ : বিলাসীপাৰাৰ উদমাৰী মা কামাখ্যা মন্দিৰত যোৱানিশা চোৰৰ দলে চলালে চাফাই অভিযান। মন্দিৰটোৰ মূল দুৱাৰৰ তলা ভাঙি ভিতৰত প্ৰবেশ কৰি সোণ-ৰূপৰ আ-অলংকাৰ লুট কৰি নিয়াৰ লগতে মূল্যৱান বাচন-বৰ্তনো লৈ যায়।

আজি পূজাৰীয়ে মন্দিৰত পূজা কৰিবলৈ আহি চুৰিকাণ্ডৰ বিষয়টো পোহৰলৈ আনে। চুৰি হোৱাৰ খবৰ পাই গাঁওবাসীয়ে মন্দিৰত উপস্থিত হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। চুবুৰীটোৰ ঐতিহ্যমণ্ডিত তথা একমাত্ৰ উপসনাথলীত সংঘটিত চুৰিকাণ্ডই ভক্তিপ্ৰাণ ৰাইজক হতাশ কৰি তুলিছে।

মন্দিৰটোত লক্ষীগঞ্জ আৰক্ষীয়ে উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও এতিয়াও কোনো শুংসূত্ৰ উলিয়াব পৰা নাই বুলি জানিব পৰা গৈছে। চুৰিকাণ্ডটোত জড়িতসকলক শীঘ্ৰে কৰায়ত্ত কৰাৰ লগতে চুৰি হোৱা সামগ্ৰী উদ্ধাৰ কৰিবলৈ ভক্তিপ্ৰাণ ৰাইজে দাবী কৰিছে।

You might also like