PPE কীট সন্দৰ্ভত ৰিপুণ বৰাৰ বিবৃতিক খণ্ডন স্বাস্থ্যমন্ত্ৰী ড০ শৰ্মাৰ
নিয়মীয়া বাৰ্তা, ১০ এপ্ৰিলঃ কিছুদিন পূৰ্বে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই অসমত বৰ্তমান পি পি ই কীট পৰ্যাপ্ত পৰিমানে নথকাৰ কথা প্ৰকাশ কৰিছিল । তাৰ পাছতে শুকুৰবাৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল যোগে এই কথাৰ প্ৰত্তোতৰ দি ৰিপুণ বৰাৰ এই বিবৃত্তিক খণ্ডন কৰে ।
সংবাদমেলত ড০ শৰ্মাই কয় যে অসমত আজিৰ মূহুৰ্তত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ২০০০, ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় হাস্পতালত ১০০০, যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ১০০০, বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ১০০০, শিলচৰ চিকিৎসা মহাবিদ্যালয় ১০০০, তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ১০০০, মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত ৫০০ কে ধৰি অসমৰ বিভিন্ন জিলাৰ চিকিৎসালয়সমূহত পৰ্যাপ্ত পৰিমানে পি পি ই কীট মজুত আছে ।
লগতে ক’ৰোনাক লৈ কোনোধৰণৰ ৰাজনীতি নকৰিবলৈও ৰিপুন বৰাক আহ্বান জনায় স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ।