ডিজিটেল ডেস্ক, ২৯ মে’ : পুনৰ আফ্রিকান ছোৱাইন ফ্লুৰ প্রাদুর্ভাৱ ধৰা পৰিল ৰাজ্যত৷ গাহৰিৰ দেহত হোৱা এই ছোৱাইন ফ্লুৱে বিগত সময়ছোৱাত গাহৰি ব্যৱসায়ৰ লগত জড়িত ক্ষুদ্র ব্যৱসায়ীসকলক মাধমাৰ দি অহাৰ পাছতে যোৱা কিছুদিন ধৰি ছোৱাইন ফ্লুৰ সংহাৰৰ পৰা ৰক্ষা পৰিছে যদিও শেহতীয়াকৈ উজনি অসমৰ শদিয়াত ধৰা পৰা ছোৱাইন ফ্লুৰ প্রাদুর্ভাৱে পুনৰ সংকট নমাই আনিছে গাহৰি ব্যৱসায়ীলৈ৷
শদিয়াৰ সমজিলাৰ অন্তর্গত কাকপথাৰ ৰংপুৰীয়া গাঁও ছোৱাইন ফ্লুৰ অভিকেন্দ্র হিচাপে চিনাক্ত হোৱাৰ পিছতে পশুপালন আৰু পশু চিকিৎসা বিভাগে অভিকেন্দ্রৰ এক কিলোমিটাৰ ব্যাসার্ধৰ এলেকাক আক্রান্ত অঞ্চল হিচাপে চিনাক্ত কৰি গাহৰি মাংস আৰু গাহৰি বিক্রী সম্পূর্ণৰূপে বন্ধ কৰিছে৷ এই সন্দর্ভত শেহতীয়াকৈ পশুপালন বিভাগে জাৰি কৰা নির্দেশৰ পাছতে সৃষ্টি হৈছে তীব্র প্রতিক্রিয়া৷ কার্যতঃ শদিয়াত গাহৰি, গাহৰি মাংস বেচা–সৰবৰাহ বন্ধ কৰা হৈছে যদিও এই এলেকাৰ সকলো গাহৰি নিধনৰ বাবেও প্রস্তুতি চলাইছে পশুপালন বিভাগে৷ অহা ২৯ মে’ৰ ভিতৰত সকলো গাহৰি নিধন কৰিব পশুপালন বিভাগে৷
মন কৰিবলগীয়া যে বিগত বর্ষতো ছোৱাইন ফ্লু (এএছএফ)ত আক্রান্ত হৈ ৫ হাজাৰ গাহৰিৰ মৃত্যু হৈছিল৷ আনহাতে, ১৬ হাজাৰ গাহৰি নিধন কৰিছিল পশুপালন বিভাগে৷ গাহৰি ব্যৱসায়ৰ এনে বৃহৎ লোকচানৰ পৰা মূৰ দাঙি থিয় হ’বলৈ নৌপাওঁতেই ৰাজ্যত আকৌ আৰম্ভ হ’ল ছোৱাইন ফ্লুৰ সংহাৰ৷ স্বাভাৱিকতে ৰাজ্যৰ গাহৰি মাংসৰ বজাৰখন আৰু থলুৱা গাহৰি পালকসকল ব্যাপক লোকচানৰ সন্মুখীন হোৱাটো নিশ্চিত হৈছে৷
পশুপালন বিভাগৰ জাননীৰ পাছতে তিনিচুকীয়া জিলাৰ উপায়ুক্তই এ এছ এফ নিয়ন্ত্রণ আৰু নির্মূলৰ পৰিকল্পনা কার্যকৰী কৰাৰ বাবে ২৭ মে’ৰ পৰা ২৯ মে’লৈ তিনি দিন সময় লৈ গাহৰি নিধনৰ প্রস্তুতি আৰম্ভ কৰিছে৷
জানিব পৰা মতে, শদিয়াৰ পৰা অন্য চুবুৰীয়া জিলালৈ তথা অৰুণাচল প্রদেশলৈ যাতে ছোৱাইন ফ্লু সংক্রমণ হ’ব নোৱাৰে তাক লৈ বিশেষ নজৰ দিছে জিলা প্রশাসনে৷ অৰুণাচললৈ গাহৰিৰ সৰবৰাহ বন্ধ কৰাৰ লগতে পঞ্জাব, হাৰিয়ানাৰ পৰা গাহৰি সৰবৰাহৰ ক্ষেত্রতো বিশেষ সতর্কতা পালন কৰা হৈছে৷
লক্ষণীয় দিশটো হ’ল যে শদিয়াত ধৰা পৰা ছোৱাইন ফ্লুৰ এনে সংক্রমণ চুবুৰীয়া জিলালৈ সংক্রমণৰ সম্ভাৱনাক অস্বীকাৰ কৰিব পৰা নাই পশুপালন বিভাগে৷ আনহাতে, স্থানীয় গাহৰিৰ পৰা এই সংক্রমণৰ সম্ভাৱনাৰ পৰিৱর্তে বহিঃৰাজ্যৰ পৰা অহা গাহৰিৰ পৰাও সংক্রমণ ঘটাৰ সম্ভাৱনাক বিশেষ নজৰ দিছে পশুপালন বিভাগে৷ শদিয়াৰ কাকপথাৰ ৰংপুৰীয়া গাঁৱত ছোৱাইন ফ্লুৰ এই প্রাদুর্ভাৱ কেনেদৰে হ’ল তাৰ সঠিক তথ্য বিভাগে লাভ কৰা নাই যদিও অৰুণাচল অথবা বহিঃৰাজ্যৰ পৰা হোৱাৰ সম্ভাৱনাকো অস্বীকাৰ কৰা নাই৷