নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সীমান্তৰ ১৫ কিঃমিঃলৈকে অবৈধ নির্মাণ ভাঙি পেলোৱাৰ নির্দেশ গৃহমন্ত্রী শ্বাহৰ

ডিজিটেল ডেস্ক, ২৮ মে’ : দীর্ঘদিন ধৰি ভাৰত-পাক সীমান্ত উত্তেজনাপূর্ণ হৈ থকাৰ দৰেই শেহতীয়াকৈ ভাৰত–বাংলাদেশ সীমান্তও অধিক স্পর্শকাতৰ হৈ পৰিছে৷ চুবুৰীয়া ৰাষ্ট্রখনত ৰাজনৈতিক উত্থান–পতনৰ পৰিপ্রেক্ষিতত দেশখনত ভাৰতবিৰোধী শক্তিসমূহে বিশেষভাৱে মূৰ দাঙি উঠিছে৷ এনে পৰিপ্রেক্ষিততে ভাৰত চৰকাৰ অধিক কঠোৰ হৈ পৰিছে সীমান্তৰ নিৰাপত্তাক লৈ৷

পশ্চিমবংগত তৃণমূল কংগ্রেছৰ শাসনৰ অৱসান ঘটাই ভাৰতীয় জনতা পার্টীয়ে শাসনভাৰ লোৱাৰ পিছত সীমান্তক লৈ তৎপৰতা আৰু অধিক বৃদ্ধি পাইছে৷ সীমান্ত অঞ্চলত বেআইনী নির্মাণৰ ক্ষেত্রত ‘জিৰো টলাৰেঞ্চ’ নীতি লৈছে কেন্দ্র আৰু ৰাজ্যৰ বিজেপি চৰকাৰে৷ ইতিমধ্যে কলকাতাসহ পশ্চিমবংগৰ একাধিক ঠাইত চলিছে বুলড’জাৰ একচন৷ তাৰ মাজতে বেআইনী নির্মাণক লৈ পুনৰ কঠোৰ পদক্ষেপ গ্রহণৰ নির্দেশ দিছে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷

তেওঁ স্পষ্টভাৱে জনাই দিছে– ‘আন্তঃৰাষ্ট্রীয় সীমান্তৰ ১৫ কিলোমিটাৰৰ ভিতৰত থকা সকলো বেআইনী নির্মাণ ভাঙি পেলাব লাগিব৷’ তদুপৰি কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে সীমান্ত এলেকাৰ বেংকসমূহত চলা বিত্তীয় লেনদেনৰ ক্ষেত্রতো বিশেষ নজৰ ৰখাৰ নির্দেশ দিছে৷ সেই এলেকাৰ ব্যৱসায়িক প্রতিষ্ঠানসমূহৰ ওপৰতো নজৰ ৰখাৰ নির্দেশ দিছে৷ আন্তঃসীমান্ত চোৰাং কাৰবাৰ নিয়ন্ত্রণ তথা ভুৱা নথি–পত্র চিনাক্ত কৰি ব্যৱস্থা গ্রহণৰ নির্দেশো দিছে কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে৷

আনহাতে, দীর্ঘদিন ধৰি পশ্চিমবংগৰ বিভিন্ন জিলা সংলগ্ণ সীমান্ত এলেকাত কাঁইটীয়া তাঁৰৰ বেৰ দিয়াৰ বাবে ভূমিক লৈ জটিলতাৰ সৃষ্টি হৈছিল৷ বহুক্ষেত্রত স্থানীয় বাসিন্দাসকলৰ আপত্তিৰ বাবে ভূমি অধিগ্রহণ কৰা সম্ভৱ হোৱা নাছিল৷ কিন্তু সম্প্রতি নৱান্ন জিলাৰ প্রশাসনসমূহক স্পষ্ট নির্দেশ দিয়া হৈছে যাতে সীমান্ত সুৰক্ষাৰ স্বার্থত খৰতকীয়াকৈ ভূমি চিহ্ণিত কৰি হস্তান্তৰৰ ব্যৱস্থা কৰা হয়৷ যোৱা সপ্তাহত নৱান্ন সভাঘৰত এই প্রক্রিয়াৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে মুখ্যমন্ত্রী শুভেন্দু অধিকাৰীয়ে৷

বুধবাৰে মুখ্যমন্ত্রীগৰাকীয়ে জনায় যে ব’ৰ্ডাৰ ছিকিউৰিটী ফ’ৰ্চ, চমুকৈ বিএছএফৰ হাতত মুঠ ১৪২.৭৯ একৰ ভূমি তুলি দিয়া হৈছে৷ এই ভূমি মূলতঃ ব্যৱহাৰ কৰা হ’ব ব’ৰ্ডাৰ আউটপোষ্ট নির্মাণ আৰু সীমান্তৰ নিশ্ছিদ্র নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ বাবে৷ ইয়াৰ ফলত অনুপ্রৱেশ আৰু চোৰাং ব্যৱসায় ৰোধ কৰাৰ ক্ষেত্রত বিএছএফে আৰু অধিক সক্রিয়ভাৱে কাম কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে৷ মুখ্যমন্ত্রীৰ সামাজিক মাধ্যমত দিয়া প’ষ্টত কোৱা হৈছে যে কোচবিহাৰত ২২.৯২৫ একৰ, জলপাইগুৰিত ৩৫.১৬৫ একৰ, দার্জিলিঙত ৮.৮১২ একৰ, উত্তৰ দিনাজপুৰত ২.৮৪ একৰ আৰু দক্ষিণ দিনাজপুৰত ২০.১৭০১ একৰ ভূমি বিএছএফক দিয়া হৈছে৷ তদুপৰি মালদহত ১০.৯০ একৰ, মুর্ছিদাবাদত ৩৮.৮০৫ একৰ, নদিয়াত ০.৫৫ একৰ আৰু উত্তৰ ২৪ পৰগনাত ২.৬ একৰ ভূমি তুলি দিয়া হৈছে বিএছএফৰ হাতত৷

You might also like