ডিজিটেল ডেস্ক, নগাঁও, ৩০ মে’ : নগাঁও চহৰ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চল এতিয়া ডকাইতৰ লক্ষ্য হৈ পৰিছে। ২৪ এপ্ৰিলৰ পুৱতি নিশা নগাঁও চহৰৰ সমীপৰ মৰিকলঙত এক লোমহৰ্ষক ঘটনা সংঘটিত হৈছিল। এই ঘটনাৰ পিছত যোৱানিশা এটা ডকাইতৰ দলে নগাঁৱত ডকাইতি কৰাৰ পৰিকল্পনা কৰি আহি থকাৰ সময়ত আৰক্ষীৰ জালত পৰে।
নগাঁও বৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নৱাৰুণ গোস্বামীৰ নেতৃত্বত ৩৬নং ৰাষ্ট্ৰীয় পথৰ নগাঁও-ডবকা পথত বৰঘাট বাইপাছৰ সমীপত আৰক্ষীৰ দলে নাকা চেকিং কৰে। বাইপাছ ধাবাৰ সন্মুখত চলোৱা এই চেকিঙৰ সময়ত আৰক্ষীয়ে এখন বগা ৰঙৰ এ এছ-০২ এ এফ-৪৪৫৮ নম্বৰৰ এল্টো বাহন জব্দ কৰি তালাচী চলায়। তালাচীৰ সময়ত আৰক্ষীয়ে বাহনখনৰ পৰা এখন হালধীয়া ৰঙৰ লোহাৰ হ্ৰাইড্ৰলিক কাটাৰ, এখন সৰু কাটাৰ, এখন দা, এডাল ভি আকৃতিৰ ৰড, এডাল লোহাৰ ৰড, ক’লা ৰঙৰ দুখন মাক্স, এখন হেক্স’ব্লেড, এডাল প্লাষ্টিকৰ ৰছী, দুটা ক’লা ৰঙৰ হেলমেট জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে বাহনখনৰ ভিতৰৰ পৰা পাঁচ ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ডকাইতকেইটা হ’ল নগাঁও সদৰ আৰক্ষী থানাৰ অধীনস্থ ৰাঙলু আৰক্ষী চকীৰ অন্তৰ্গত কলবাৰীৰ চাহিদুল ইছলাম (৪৩), নাৰ্জুল ইছলাম (২৮), ফৈজুল হক (২৪), সুতাৰ গাঁৱৰ ইছমাইল আলী (২৪) আৰু ডবকা আৰক্ষী থানাৰ অন্তৰ্গত ডবকা নগৰৰ ১০নং মহলাৰ আব্দুল খলিল (২৫)। আৰক্ষীৰ অনুসন্ধান অনুসৰি ধৃত ডকাইতৰ দলটোৱে ডকাইতি কৰাৰ পৰিকল্পনাৰে নগাঁও চহৰৰ দিশে আহি আছিল। সম্প্ৰতি বৰঘাট আৰক্ষী চকীত অধিক তথ্য আহৰণৰ বাবে আৰক্ষীয়ে ধৃত লোককেইজনক জেৰা অব্যাহত ৰখাৰ লগতে যাৱতীয় আইনী ব্যৱস্থা গ্ৰহণ কৰিছে।