নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশিষ্ট সমাজসেৱী, ধুবুৰীৰ জ্যেষ্ঠ সাংবাদিক আছিকুৰ ৰহমানৰ পিতৃ আৰু নাই

নিয়মীয়া বাৰ্তা, ধুবুৰী, ৩০ মে’ : ধুবুৰীৰ গৌৰীপুৰৰ বিশিষ্ট সমাজসেৱী তথা ধুবুৰীৰ জ্যেষ্ঠ সাংবাদিক আছিকুৰ ৰহমানৰ পিতৃ আবু ছালেহ আৰু নাই। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল প্ৰায় ৮০ বছৰ।

ধুবুৰী জিলাৰ গৌৰীপুৰৰ ১নং ৱাৰ্ড ভেৰভেৰী গাঁও নিৱাসী আবু ছালেহ অসম চৰকাৰৰ বন বিভাগত কৰ্মৰত আছিল। ওৰেটো জীৱন সামাজিক কাম-কাজত জড়িত হৈ থকা বিশিষ্ট সমাজসেৱী আবু ছালেহে ১৯৮৩ চনত নিজে আধা বিঘা মাটি দান কৰি তেওঁ‌ৰ পিতৃ মজিবৰ ৰহমানৰ নামত এখন প্ৰাথমিক বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল। পৰৱৰ্তী সময়ত ১৯৯১ চনত সেই বিদ্যালয়খন চৰকাৰীকৰণ হৈছিল। পিছত বিদ্যালয়খন ২৪০২নং মজিবৰ ৰহমান মেম’ৰিয়েল স্কুল হিচাপে জনাজাত হৈ পৰিছিল। বিশিষ্ট সমাজসেৱী আবু ছালেহৰ বিভিন্ন ধৰ্মাৱলম্বী লোকৰ সৈতে আছিল সু-সম্পৰ্ক। তেওঁ মছজিদ, মন্দিৰ আদি বিভিন্ন ধৰ্মীয় প্ৰতিষ্ঠানৰ উত্তৰণৰ হকে বিভিন্নজনক সহায় কৰি গৈছিল।

উল্লেখ্য যে গৌৰীপুৰৰ ১নং ৱাৰ্ডৰ ভেৰভেৰী গাঁৱত পূৰ্বতে কোনো স্কুল নথকাত গাঁওখনৰ কণ কণ ল’ৰা-ছোৱালীৰ শিক্ষা-দীক্ষাত যথেষ্ট অসুবিধা হৈছিল। পিছত আবু ছালেহে নিজৰ ফালৰ পৰা গাঁওখনত এখন প্ৰাথমিক স্কুল স্থাপন কৰি শিক্ষাৰ পোহৰ বিলোৱাত যথেষ্ট অৰিহণা যোগাইছিল। ১৯৭০ৰ দশকত ভেৰভেৰী গাঁৱত কোনো বিদ্যুতৰ সংযোগ নাছিল। বিশিষ্ট সমাজসেৱীগৰাকীৰ আপ্ৰাণ চেষ্টাত ১৯৮১ চনত ভেৰভেৰী গাঁৱত ৰাইজে বিদ্যুতৰ সংযোগ পাবলৈ সক্ষম হৈছিল। মৃত্যুৰ সময়ত বিশিষ্ট সমাজসেৱী আবু ছালেহে পত্নী, তিনি পুত্ৰ, বোৱাৰী, নাতি-নাতিনী আৰু বহুতো আত্মীয়-স্বজন, গুণমুগ্ধক ইহসংসাৰত এৰি যায়।

You might also like