নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জখলাবন্ধাত নিৰ্মীয়মাণ বজাৰগৃহ ভাঙিলে দুষ্কৃতিকাৰীয়ে

বিশেষ বাৰ্তা, নগাঁও, ৩০ মে’ : নগাঁও জিলাৰ কলিয়াবৰৰ জখলাবন্ধাত যোৱানিশা দুষ্কৃতিকাৰীয়ে নিৰ্মীয়মাণ বজাৰ গৃহ ভঙাক কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

পঞ্চদশ বিত্তীয় আয়োগৰ পুঁজিৰে জখলাবন্ধা গাঁও পঞ্চায়তে জখলাবন্ধাত নিৰ্মাণ কৰিছিল দুটা বজাৰগৃহ। নিশাৰ আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি নিৰ্মীয়মাণ বজাৰগৃহ দুটা ভাঙি লণ্ডভণ্ড কৰে‌। এই ঘটনাই সমগ্ৰ জখলাবন্ধা অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। স্থানীয় লোকে এই ঘটনাৰ লগত জড়িত দুষ্কৃতিকাৰীক শীঘ্ৰে কৰায়ত্ত কৰি কঠোৰ শাস্তি বিহিবলৈ দাবী জনাইছে।

ইতিমধ্যে জখলাবন্ধা গাঁও পঞ্চায়তৰ সভানেত্ৰী বৰ্ণালী দাস মুক্তিয়াৰে জখলাবন্ধা আৰক্ষী থানাত এজাহাৰ দাখিল কৰি দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী প্ৰশাসনক আহ্বা্ন জনাইছে।  সভানেত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত আৰক্ষীক যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাই কয় যে আমি ভৱিষ্যতে উন্নয়নমূলক কাম-কাজ যাতে আগবঢ়াই নিব পাৰোঁ, এই ক্ষেত্ৰত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।

You might also like