বৰপেটা সদৰ থানাৰ অন্তৰ্গত গৰেমাৰী পথাৰত শুকুৰবাৰে সন্ধিয়া আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ নকল সোণ জব্দ কৰাৰ লগতে ইয়াৰ লগত জড়িত তিনিজন লোকক গ্ৰেপ্তাৰ কৰে৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোক তিনিজন গৰেমাৰী পথাৰৰ মতালেব শিকদাৰৰ পুত্ৰ আনিবুল শিকদাৰ, আব্দুল জলিল মিঞাৰ পুত্ৰ শ্বৰীফুল ইছলাম আৰু আব্দুল গণি মিঞাৰ পুত্ৰ চাহিদুল ইছলাম ৷
বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শৈলেন কলিতাই সংবাদ মাধ্যমক সদৰী কৰা মতে, শুকুৰবাৰে সন্ধিয়া গৰেমাৰী পথাৰত থকা আনিবুল শিকদাৰৰ ঘৰৰ সমীপত একাংশ সন্দেহযুক্ত ব্যক্তিয়ে নকল সোণৰ নাও বিক্ৰী কৰিবলৈ আহিছিল ৷ বৰপেটা আৰক্ষীয়ে এই খবৰ এক গোপন সূত্ৰৰ পৰা লাভ কৰাৰ পিছতে সহ: পৰিদৰ্শক প্ৰণৱ বৰুৱাৰ নেতৃত্বত এটা আৰক্ষীৰ দলে শুকুৰবাৰে সন্ধিয়া গৰেমাৰী পথাৰত উপস্থিত হৈ ইয়াৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে ৷ বৰপেটা আৰক্ষীয়ে গৰেমাৰী পথাৰৰ মতালেব শিকদাৰৰ পুত্ৰ আনিবুল শিকদাৰৰ গৃহত অভিযান চলাই নকল সোণৰ নাওৰ তিনিটা ভঙা টুকুৰা, এটা ডাঙৰ টুকুৰা, এটা মধ্যমীয়া টুকুৰা আৰু এটা সৰু টুকুৰা জব্দ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে জব্দ কৰা নকল সোণখিনিৰ ওজন ১ কেজি ৫০৩ গ্ৰাম হ’ব ৷
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে সোণ জব্দ কৰা গৃহৰ গৰাকী গৰেমাৰী পথাৰৰ আনিবুল শিকদাৰৰ লগতে এই ব্যৱসায়ৰ লগত জড়িত শ্বৰীফুল ইছলাম আৰু চাহিদুল ইছলামক গ্ৰেপ্তাৰ কৰে ৷ আনহাতে, আৰক্ষীয়ে এখন য়ামাহা মটৰ চাইকেল আৰু দুটা মোবাইল ফোন জব্দ কৰে ৷ এই সন্দৰ্ভত বৰপেটা সদৰ থানাত ভাৰতীয় ন্যায় সংহিতাৰ ৬১(২)/৩১৮(৪)/৩১৬(২)/৩৪৯ ধাৰাৰ অধীনত ১৭৯/২০২৬ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷