নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিৰ কাছখাইতীত নিশা বিধ্বংসী অগ্নিকাণ্ড

ডিজিটেল ডেস্ক, ৩১ মে’ : চামগুৰিৰ কাছখাইতীত নিশা এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। কাছখাইতীৰ মৰ্ডান আদৰ্শ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত নিশা সংঘটিত হয় অগ্নিকাণ্ড।

অগ্নিকাণ্ডৰ ফলত জ্বলি ছাৰখাৰ হ‌য় স্কুলখনৰ মূল কাৰ্যালয়টোৰ লগতে প্ৰয়োজনীয় নথিপত্ৰসহ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰয়োজনীয় সামগ্ৰী আৰু বহু লক্ষাধিক টকাৰ আচবাব।

শ্বৰ্ট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰে স্থানীয় ৰাইজে। নিশাই স্থানীয় ৰাইজৰ সহযোগত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নুমুৱাবলৈ সক্ষম হয়।

You might also like