ডিজিটেল ডেস্ক, ৩১ মে’ : অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পৰিল । অহা ৫ জুনত হ’ব অসম মন্ত্ৰীসভাৰ বহু প্ৰত্যাশিত সম্প্ৰসাৰণ । আজি (৩১ মে’ত) মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে । সামাজিক মাধ্যম এক্সত এটা পোষ্ট শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰীয়ে কয়- “মই অত্যন্ত আনন্দৰে জনাওঁ যে ২০২৬ চনৰ ৫ জুনত অসম চৰকাৰৰ মন্ত্ৰী পৰিষদৰ সম্প্ৰসাৰণ কৰা হ’ব।”
উল্লেখ্য যে শনিবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাতৰ পাছতে দেওবাৰে পুৱা সামাজিক মাধ্যমযোগে মন্ত্ৰীসভা সম্প্ৰসাৰণৰ কথা ৰাজহুৱা কৰে। ইয়াৰ লগে লগে বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰৰ মন্ত্ৰীসভাত নতুন কোনকেইখন মুখ অন্তৰ্ভুক্ত হ’ব, তাক লৈ চলি থকা চৰ্চা এতিয়া তুংগত উঠিছে।