নিয়মীয়া বাৰ্তা, ওৰাং, ৩১ মে’ : ওদালগুৰি জিলাৰ মাজবাট আৰক্ষী থানাৰ অধীনস্থ চিকাৰীডাঙাত ৩০ মে’ত লালপানী আৰক্ষী চকীৰ আৰক্ষীয়ে ৩৩৯.৫৪ কেজি ভাং জব্দ কৰিবলৈ সক্ষম হয়।
এক গোপন সূত্ৰৰ পম খেদি লালপানী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ অধীনত আৰক্ষী দলটোৱে অসম-অৰুণাচল সীমান্তৱৰ্তী চিকাৰীডাঙা অঞ্চলত এক মাদকদ্ৰব্যবিৰোধী অভিযান চলাই গাঞ্জাভৰ্তি ১২টা বেগ উদ্ধাৰ কৰে।
আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, জব্দকৃত গাঞ্জাখিনিৰ ওজন ৩৩৯.৫৪ কিলোগ্ৰাম । গাঞ্জাৰ সৈতে জড়িত থকা ৩ চোৰাং ব্যৱসায়ী ক্ৰমে সৰকাৰ মুৰ্মু (৩০), দিলীপ কৰ্মকাৰ (২২) আৰু ৰঞ্জিত কৰ্মকাৰ (২৬)ক আৰক্ষী দলটোৱে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।