নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জামুগুৰিহাটৰ চকীঘাট দলঙত অঘটন, জীয়াভৰলী নৈত সন্ধানহীন এজন

ডিজিটেল ডেস্ক, জামুগুৰিহাট, ৩১ মে’ : জামুগুৰিহাটৰ চকীঘাট দলঙৰ পৰা জীয়াভৰলী নৈত জাঁপ মাৰি এগৰাকী ব্যক্তি সন্ধানহীন হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, জামুগুৰিহাটৰ লালেটাপুৰ চুলেমান আলী (৫৫) নামৰ ব্যক্তিজনে পুৱা ঘৰৰ পৰা মটৰচাইকেলৰে ওলাই আহে আৰু চকীঘাট দলঙৰ পৰা জীয়াভৰলী নৈত জঁপিয়াই দিয়ে।ব্যক্তিজনে জীয়াভৰলী নৈত জাঁপ মৰাৰ দৃশ্য একাংশ লোকে প্ৰত্যক্ষ কৰে। ইয়াৰ পাছতে অঞ্চলটোত এক হুৱাদুৱা পৰিৱেশৰ সৃষ্টি হয় আৰু ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰোৱা হয়।

আৰক্ষীয়ে দলঙৰ ওপৰত ব্যক্তিজনে এৰি থৈ যোৱা চেণ্ডেল আৰু মটৰচাইকেলখন উদ্ধাৰ কৰিছে। ইতিমধ্যে নদীৰ বুকুত সন্ধানহীন হোৱা ব্যক্তিজনৰ সন্ধানত এছ ডি আৰ এফ জোৱানে অভিযান চলাইছে যদিও সন্ধানহীন ব্যক্তিজনৰ কোনো সন্ধান উলিয়াব পৰা নাই। কি কাৰণত ব্যক্তিজনে এইদৰে নদীৰ বুকুত জাঁপ দিলে, তাৰ কোনো কাৰণ জানিব পৰা হোৱা নাই।

You might also like