ডিজিটেল ডেস্ক, ১ জুন : বজাৰত দামবৃদ্ধিৰ জুয়ে মাধমাৰ শোধোৱাৰ সময়তে নেচনেল ফার্মাচিউটিকেল প্রাইচিং অথৰিটী (এনপিপিএ)–এ এক গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰি জনসাধাৰণক কার্যতঃ সকাহ দিছে৷ ডায়েবেটিছ-হৃদৰোগ-ভিটামিন ছাপ্লিমেণ্ট–এণ্টিবায়’টিকসহ ৩০বিধ অত্যাৱশ্যকীয় ঔষধৰ সর্বোচ্চ খুচুৰা দাম নির্ধাৰণ কৰিছে সংস্থাটোৱে৷ এই সন্দর্ভত ইতিমধ্যে কেন্দ্রীয় ৰাসায়নিক আৰু সাৰ মন্ত্রালয়ৰ অধীনস্থ ঔষধ বিভাগে আনুষ্ঠানিক বিবৃতি জাৰি কৰিছে৷ বিবৃতিটোত বিভিন্ন ঔষধ প্রস্তুতকাৰী সংস্থাৰ নামৰ বিপৰীতে খুচুৰা মূল্য নির্ধাৰণ কৰি দিয়াৰ সমান্তৰালভাৱে নির্ধাৰিত দামতকৈ অত্যধিক ধন ল’লে আইনসংগত ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি সকীয়াই দিয়া হৈছে৷
বিবৃতিটোত উল্লেখ কৰা অনুসৰি ‘ড্রাগ্ (প্রাইচেছ কন্ট্ৰ’ল) অর্ডাৰ–২০১৩ অধীনত গ্রহণ কৰা হৈছে এই পদক্ষেপ৷ নতুনকৈ নির্ধাৰণ কৰা অনুসৰি ক’লেকেচিফেৰল অৰেল ছলিউচন (৬০,০০০ আইইউ)ৰ প্রতি মিলিমিটাৰত দাম হ’ব ১৫.৮৮ টকা৷ সেইদৰে তিৰুপতি মেডিকেয়াৰে প্রস্তুত কৰা ভিটামিন–৩ অৰেল ছলিউচন (৬০,০০০ আইইউ)ৰ প্রতি মিলিমিটাৰৰ দাম ধার্য কৰা হৈছে ১৪.৫১ টকা৷ ভিটামিন ডি–৩ৰ লগতে এনপিপিএৰ দ্বাৰা কেলছিয়াম মিথাইলকোবালমিন, এল–মিথাইলফোলেপ কেলছিয়াম আৰু পাইৰিডক্সেল–৫যুক্ত ঔষধসমূহৰো দাম নির্দিষ্ট কৰি দিছে৷ এই ঔষধসমূহ সাধাৰণতে হাড়ৰ ক্ষয় ৰোগ, ভিটামিনৰ অভাৱ আৰু স্নায়ু সমস্যাজনিত কাৰণত দিয়া হয়৷ তদুপৰি শৰীৰত লিপিড ঠিক ৰাখিবলৈ ব্যৱহূত এটৰভেষ্টাটিন তথা ফেনফাইব্রেট টেবলেটৰ প্রতিটোৰ দাম নির্ধাৰণ কৰি দিয়া হৈছে ১৮.৪৬ টকাকৈ৷
এলার্জীৰ চিকিৎসাত ব্যৱহূত বিলাষ্টিন আৰু মণ্টেলুকাষ্ট প্রতিটো টেবলেটৰ দাম এতিয়াৰে পৰা খুচুৰা মূল্য হ’ব ২১.২২ টকা৷ ৰক্তচাপৰ লগতে হূদৰোগৰ উপশমৰ বাবে ব্যৱহাৰ কৰা বিছ’প্রোলল ফিউমাৰেট তথা এমলোডিপাইন টেবলেটৰ প্রতিটোৰ দাম ৯.৪০ টকাকৈ স্থিৰ কৰা হৈছে৷ তদুপৰি ডায়েবেটিছৰ চিকিৎসাত ব্যৱহূত এমপাগ্লিফ্ল’জিন, ছিটাগ্ল’পটিন আৰু মেটফৰমিন এক্সটেনটেড ৰিলিজ নামৰ প্রতিটো টেবলেটৰ ক্ষেত্রত নির্ধাৰিত নতুন দৰ হৈছে ১৪.৮৮ টকাকৈ৷
এনটিপিএৰ তৰফৰ পৰা বিবৃতিটোত স্পষ্ট কৰি দিয়া অনুসৰি নির্ধাৰিত এই দামৰ সৈতে জিএছটি যোগ কৰা হোৱা নাই৷ ঔষধ প্রস্তুতকর্তা সংস্থাসমূহ যদি জিএছটিৰ আওতাত থাকে তেন্তে এই সর্বোচ্চ দামৰ সৈতে প্রয়োজনীয় জিএছটি সংযোগ কৰিব পাৰিব৷