গণতন্ত্রৰ মন্দিৰ অসম বিধানসভা সচিবালয়ত ব্যাপক কেলেংকাৰিৰ তথ্য সচিব দুলাল পেগুৰ অপসাৰণৰ লগে লগে বাহিৰলৈ ওলাইছে আৰু এনে প্রেক্ষাপটত বিধানসভা সচিবালয়ৰ মর্যাদা যেন এখন মাছৰ হ’লছেল বজাৰলৈ পর্যবসিত হৈছে৷
সচিব দুলাল পেগুৰ অপসাৰণৰ লগে লগে তেওঁ পূর্বৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে অনা অভিযোগবোৰে বিশ্বজিৎ দৈমাৰীৰ কু–কীর্তি পোহৰলৈ অনাই নহয়, বিশ্বজিৎ দৈমাৰীক আগুৰি বিধানসভাত যি দুর্নীতিৰ দস্তাবেজ লিখা হৈছিল তাৰ মূল ষড়যন্ত্রকাৰী তথা দুর্নীতিগ্রস্ত বিষয়াসকলৰ মুখাও সুলকি পৰিছে৷
বিশেষকৈ বিশ্বজিৎ দৈমাৰীৰ অ’এছডি সৌমেন বৰুৱা আৰু অন্তিমা দেওৰা চেৰাউগী তথা বিধানসভাৰ যুটীয়া সচিব দীর্ঘা বৰুৱাই বিধানসভাৰ অপসাৰিত সচিব দুলাল পেগুৰ জৰিয়তে কিদৰে বিধানসভা সচিবালয়ত লুণ্ঠনৰ জাল পেলাইছিল তাৰ স্পষ্ট ছবি পোহৰলৈ আহিছে৷
দুলাল পেগুৰ অপসাৰণৰ লগে লগে বিধানসভা সচিবালয়ত চলি থকা সীমাহীন দুর্নীতিৰ ছবিখন প্রকাশ হৈছে আৰু ইয়াত সৌমেন বৰুৱা, অন্তিমা দেওৰা চেৰাউগী আৰু দুলাল পেগুৰ লগতে যুটীয়া সচিব দীর্ঘা বৰুৱাৰ ভূমিকা স্পষ্ট হৈছে৷
বিধানসভা সচিবালয়ত চলা এই ব্যাপক কেলেংকাৰি সন্দর্ভত সংবাদ মেল অনুষ্ঠিত কৰি আছাম পাব্লিক ৱর্কছৰ সভাপতি অভিজিৎ শর্মা আৰু সাধাৰণ সম্পাদক ধ্রুৱজ্যোতি তালুকদাৰে পূর্বৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বতে বিধানসভা সচিবালয়ত ব্যাপক দুর্নীতি সংঘটিত হোৱাৰ অভিযোগ তোলে আৰু ইয়াত বিশ্বজিৎ দৈমাৰীৰ অ’এছডি সৌমেন বৰুৱা আৰু অন্তিমা দেওৰা চেৰাউগী তথা তদানীন্তন সচিব দুলাল পেগুৱে এই দুর্নীতিত সহযোগ কৰাৰ অভিযোগ পোহৰলৈ আনে৷
সংবাদ মেলযোগে অভিজিৎ শর্মা আৰু ধ্রুৱজ্যোতি তালুকদাৰে কয় যে অসম বিধানসভাৰ সমস্ত গৰিমা সৌমেন বৰুৱা নামৰ আগ–গুৰি নোহোৱা এজন ব্যক্তিক অ’এছডি হিচাপে নিযুক্তি দিয়াৰ লগে লগে শেষ হ’ল৷ বিধানসভা ধ্বংস হোৱাৰ মূলতে হ’ল এই সৌমেন বৰুৱাক অ’এছডি হিচাপে নিযুক্তি দিয়াটো৷
অ’এছডি সৌমেন বৰুৱাৰ সমস্ত কাহিনী প্রকাশ কৰি এপিডব্লিউৰ বিষয়ববীয়া দুজনে অভিযোগ কৰি কয় যে অসম বিধানসভা সচিবালয়ৰ দৰে বিয়াগোম বিভাগ এটাৰ অ’এছডি হিচাপে সৌমেন বৰুৱাৰ ৰূপত পৰীক্ষা দি পিয়নৰ পদবী এটাত উত্তীর্ণ হ’ব নোৱাৰাজনক কোনে ৰঙা দলিচা পাৰি দিছিল সেইটোৱেই ৰহস্যজনক কাহিনী৷ এইগৰাকী সৌমেন বৰুৱাই পূর্বৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক তেল মাৰি মাৰি বিধানসভাত আধিপত্য বিস্তাৰেৰে সমস্ত দুর্নীতি সংঘটিত কৰিছিল৷
সৌমেন বৰুৱাৰ পিছতে অন্তিমা দেওৰা চেৰাউগী নামৰ অতিপাত সুন্দৰী মহিলাগৰাকী বিধানসভাত থিতাপি লৈ বিশ্বজিৎ দৈমাৰীৰ বিশেষ কর্তব্যৰক্ষী বিষয়া হৈ বিধানসভাত লুণ্ঠন চলালে৷
এপিডব্লিউৰ বিষয়ববীয়া দুগৰাকীয়ে সংবাদ মেলত কয় যে এই সৌমেন বৰুৱা আৰু অন্তিমা দেওৰা চেৰাউগীয়ে মিলি বিধানসভাক এখন মাছৰ বজাৰত পৰিণত কৰিলে৷ ইয়াৰ বাবে তেওঁলোকে ছেল্ছমেন ৰূপত অভিজ্ঞতাসম্পন্ন দুলাল পেগুক সাঙুৰি লয়৷
সৌমেন বৰুৱা আৰু অন্তিমা দেওৰা চেৰাউগী মিলি বিধানসভা সচিবালয়ত এটা মার্কেট ছার্ভে কৰে৷ য’ত তেওঁলোকে উমান লয় ক’ত কেনেকৈ কিমান লুটি খাব পৰা যাব৷ ইয়াৰ বাবে তেওঁলোকক প্রয়োজন হ’ল এগৰাকী অভিজ্ঞতাসম্পন্ন ছেল্ছমেন৷
তদানীন্তন সচিব দুলাল পেগুৰ অভিজ্ঞতা আৰু দুই নম্বৰীৰে বিধানসভাত চেম্পিয়ন হৈ বহি থকা তেওঁলোকৰ চকুত পৰিল৷ দুলাল পেগুৰ প্রতিটো ফাইলত ফাইনেল চহী কৰাৰ যোগ্যতাও আছে৷ গতিকে এই তিনিওৰে মাজত এক ত্রিভুজৰ সৃষ্টি হ’ল৷ যি ত্রিভুজৰ মাজত তপস্যাৰত হৈ বহি থাকিল বিশ্বজিৎ দৈমাৰী আৰু আৰম্ভ হ’ল এটি বৃহৎ নেক্সাছ৷
এপিডব্লিউৱে অভিযোগ কৰা অনুসৰি এই নেক্সাছটোৱে প্রথমতে লুণ্ঠনৰ জাল আৰম্ভ কৰে ভঙা–গঢ়াৰ খেলেৰে৷ পূর্বৰ অধ্যক্ষ হিতেন্দ্রনাথ গোস্বামীৰ দিনতে এবাৰ উদ্বোধন হোৱা বিল্ডিঙত অধ্যক্ষৰ কোঠা, বিধানসভাৰ ছেছন হল আৰু কনফাৰেঞ্চ হলটো সাল–সলনি কৰে৷
ইয়াৰ জৰিয়তে সৌমেন বৰুৱা এণ্ড কোম্পানীয়ে ৰাজহুৱা ধনৰ ব্যাপক লুণ্ঠন–কমিছন তথা ব্যাপক অপচয় কৰে৷ সৌমেন বৰুৱা এণ্ড কোম্পানীৰ লুণ্ঠনৰ জাল ক’ত কেনেকৈ আছিল তাৰ বহু তথ্য সদৰী কৰে এপিডব্লিউৱে৷
সংগঠনটোৰ বিষয়ববীয়া দুগৰাকীয়ে সদৰী কৰে– বিধানসভাৰ নতুন ভৱনৰ কাম পাইছিল ছিমপ্লেক্স আৰু জে ডি ক্রিয়েচন নামৰ দুটা কোম্পানীয়ে৷ ছিমপ্লেক্সে চিভিলৰ কামখিনি চোৱাৰ বিপৰীতে জে ডি ক্রিয়েচনে বিধানসভাৰ মুখ্য ভৱনৰ ইণ্টেৰিঅ’ৰ, অডিঅ’–ভিডিঅ’ আৰু ইনফৰমেচন টেকন’লজীৰ কামখিনি পাইছিল৷
তেওঁলোকে প্রথমে ৪০টা টেলিভিক কোম্পানীৰ অতি উচ্চমানৰ মাইক্র’ফোন লগাইছিল ছেছন হলত৷ কিন্তু সৌমেন বৰুৱা এণ্ড কোম্পানীয়ে কমিছনৰ অংক কৰি ৪০টা উচ্চমানৰ টেলিভিক কোম্পানীৰ মাইক্র’ফোন খুলি ১২৬টা মাইক্র’ফোন বছ নামৰ কোম্পানীৰ মাইক্র’ফোন লগাবলৈ দিলে৷
ইয়াৰ যোগানধাৰী হ’ল ন’ভ’ কম্পিউটিং নামৰ এখন ফার্ম৷ পূর্বৰ জে ডি ক্রিয়েচনৰ বিল ৭ কোটি টকা আদায় দিয়া নহ’ল আৰু এই ন’ভ’ কম্পিউটিং নামৰ কোম্পানীটো দেখাত জয়ন্ত কলিতা নামৰ প্রাক্তন ইউপ্র’ কোম্পানীৰ এজন কর্মচাৰীৰ যদিও নেপথ্যত এই কোম্পানী সৌমেন বৰুৱা এণ্ড কোম্পানীৰ বুলি জনাজাত৷
জে ডি ক্রিয়েচনৰ দ্বাৰাই চেণ্ট্ৰেল হলৰ ইণ্টেৰিয়েল আৰু এডজাষ্টমেণ্টৰ কাম ১৭ কোটি টকা আদায় কৰা হয়৷ কিন্তু ৬ লাখ ৫০ হাজাৰ টকা ঘোচ খাই জে ডি ক্রিয়েচনক ১৭ কোটি টকাৰ বিল আদায় দিয়া নহ’ল৷ চেণ্ট্ৰেল হলৰ অডিঅ’ ছিষ্টেমৰ প্রাক্কলনৰ মূল্য ২ কোটি টকা আছিল বুলি সদৰী কৰি এপিডব্লিউৱে কয় যে লুণ্ঠনৰ স্বার্থতে ইয়াক ৬ কোটি টকালৈ বৃদ্ধি কৰা হৈছিল আৰু হেইনৰিক নামৰ এটা দিল্লীৰ কোম্পানীক দিয়া হয়৷
ফলত ৪ কোটি টকা অসমৰ ৰাজকোষৰ ধন কেইজনমানৰ পকেটত সোমাল৷ বিধানসভাৰ চেণ্ট্ৰেল বিল্ডিঙৰ ডিছপ্লে, চিচি টিভি আদি কামৰ নামত ৮০ লাখ টকা বিল হয় যদিও তাক ১ কোটি ৩০ লাখ টকালৈ বৃদ্ধি কৰি লুণ্ঠন চলোৱা হয়৷ কেৱল ইমানেই নহয়, বিধায়কসকলক লেপটপ দিয়াৰ নামতো ব্যাপক লুণ্ঠন চলোৱা হৈছিল ৬০–৭০ হাজাৰ টকাৰ মূল্যৰ লেপটপ আঢ়ৈ লাখ টকাকৈ কিনা হৈছিল৷
ইয়াতে প্রায় ২ কোটি টকাৰ অপচয় হয়৷ স্কিল আৰু আন–স্কিল মেনপাৱাৰৰ নামতো ব্যাপক লুণ্ঠন চলায় সৌমেন বৰুৱা এণ্ড কোম্পানীয়ে৷ এনেদৰে বহু অনিয়ম আৰু কেলেংকাৰিৰে মাধৱ ডেকা, সঞ্জীৱ দাস, সুন্দৰলাল মিশ্র আদি ঠিকাদাৰৰ জৰিয়তে সৌমেন বৰুৱা এণ্ড কোম্পানীয়ে বিধানসভাত ব্যাপক লুণ্ঠন চলাইছিল৷
২০২৫ চনৰ ২৮ ছেপ্টেম্বৰত সঞ্জীৱ দাসৰ হতুৱাই সৌমেন বৰুৱাই সেইদিনা অনুষ্ঠিত পাব্লিক আণ্ডাৰটেকিং কমিটীৰ মিটিঙত আইটি মেইণ্টেনেন্সৰ ছার্ভিচৰ নামত ৪.৪৮ লাখ টকা সৰকাই নিছিল৷ কিন্তু সেইদিনা অডিঅ’–ভিডিঅ’ৰ বাহিৰে আইটি মেইণ্টেনেন্সৰ ছার্ভিচৰ কোনো কাম হোৱা নাছিল৷
এপিডব্লিউৱে অভিযোগ কৰি কয় যে জে ডি ক্রিয়েচনে বিল নোপোৱা সত্ত্বেও বা বিল্ডিং হস্তান্তৰিত নোহোৱা সত্ত্বেও সুন্দৰলাল মিশ্রক বিল্ডিঙৰ এনুৱেল মেইণ্টেনেন্সৰ কাম দি কোটি কোটি টকাৰ বিল আদায় দিছিল৷
বিধানসভাত থকা এটা বেগ স্কেনাৰৰ নামতো এই সৌমেন বৰুৱা এণ্ড কোম্পানীয়ে ১৫ লাখ টকাৰ মূল্যৰ বেগ স্কেনাৰৰ নামত ৬০ লাখ টকা সৰকাই নিয়াৰ অভিযোগ তুলিছে এপিডব্লিউৱে৷
এপিডব্লিউৰ অভিযোগ– তদানীন্তন সচিব দুলাল পেগুৱে ইতিমধ্যে বিধানসভাত চলি থকা দুর্নীতি–কেলেংকাৰিৰ নিজকে অংশীদাৰ বুলি স্বীকাৰ কৰি লৈছে৷ মাথোঁ কথাটো এনেকৈ কৈছে যে তেওঁ অকলে কেলেংকাৰি কৰা নাই৷ লগত পুৰা টীমৱর্ক আছে৷ নেতৃত্বত প্রাক্তন অধ্যক্ষ৷
এইদৰে অসম বিধানসভাৰ সচিবালয়ত সৌমেন বৰুৱা এণ্ড কোম্পানীয়ে ব্যাপক লুণ্ঠন চলোৱাৰ অসংখ্য তথ্য সদৰী কৰি এপিডব্লিউৰ সভাপতি অভিজিৎ শর্মা আৰু সচিব ধ্রুৱজ্যোতি তালুকদাৰে কয় যে পূর্বৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ দিনত এখন ভেনিটী ভেন ব্যৱহাৰ কৰিছিল৷
এতিয়া সেই ভেনিটী ভেন ঠিকাদাৰ মাধৱ ডেকাৰ অট্টালিকাৰ কাষৰ এটা পৰিত্যক্ত স্থানত পৰি আছে৷ এইদৰে সৌমেন বৰুৱা এণ্ড কোম্পানীয়ে ব্যাপক কেলেংকাৰিৰে বিধানসভাত খাদ্য কেলেংকাৰিৰ পৰা কেণ্টিন চলোৱালৈকে সকলোতে লুণ্ঠন চলাইছিল৷
এই সমগ্র তথ্য উন্মোচন কৰি এপিডব্লিউৰ সভাপতি অভিজিৎ শর্মা আৰু সচিব ধ্রুৱজ্যোতি তালুকদাৰে বর্তমানৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসক বিগত পাঁচ বছৰত সংঘটিত অসম বিধানসভা সচিবালয়ত হোৱা কেলেংকাৰিৰ তদন্ত কৰিবলৈ আহ্বান জনোৱাৰ লগতে যোৱা ৪ মে’ত নির্বাচনী ফলাফল ওলোৱাৰ পৰা ৰঞ্জিত কুমাৰ দাসে অধ্যক্ষৰ দায়িত্ব গ্রহণ কৰালৈকে বৰুৱা এণ্ড কোম্পানীয়ে কিমান বেকডেটেড চহী কৰি কাৰ কিমান বিল উলিয়াই লৈ গ’ল এই সমগ্র কাহিনীৰ উচিত তদন্ত কৰিবলৈ আহ্বান জনায়৷
এই সমগ্র লুণ্ঠন সন্দর্ভত সংবাদ মেলযোগে অভিজিৎ শর্মাই কয় যে অসম বিধানসভাৰ পূর্বৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বত সৌমেন বৰুৱা এণ্ড কোম্পানীয়ে একেবাৰে গেলাই থৈ গৈছে৷ এতিয়া এই অসম বিধানসভাক গংগাৰ জলেৰে ধুব লাগিব৷ কামাখ্যাৰ পৰা পুৰোহিত আনি যজ্ঞ পাতি বর্তমানৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে বিধানসভা পৰিষ্কাৰ কৰক৷
ডিজিটেল ডেস্ক, ১ জুন