ভাৰত মহাসাগৰত সন্তর্পণে শক্তি বৃদ্ধি পাক–চীনৰ
ডিজিটেল ডেস্ক, ১ জুন : ভাৰত মহাসাগৰত সন্তর্পণে শক্তি বৃদ্ধি কৰি আছে চীন আৰু পাকিস্তানে৷ এই ধাৰণা ভাৰতৰ নৌসেনা মুৰব্বী দীনেশ ত্রিপাঠীৰ৷
শনিবাৰে সংবাদ মাধ্যমক দিয়া এটা সাক্ষাৎকাৰত তেওঁ দাবী কৰে যে জলক্ষেত্রত ভাৰতৰ বাবে দ্বিমুখী প্রত্যাহ্বানৰ সৃষ্টি হৈছে৷ কিন্তু তাৰ বাবে ভাৰতীয় নৌসেনা প্রস্তুত৷ সমুদ্রৰ তলত নিৰীক্ষণৰ পৰা আৰম্ভ কৰি দূৰব্যাপী সামুদ্রিক পর্যবেক্ষণ, সকলো ক্ষেত্রতেই নৌ বাহিনীক সাজু কৰি ৰখা হৈছে৷ বহিৰাগত যিকোনো আক্রমণৰ দ্রুত আৰু যথাযথ উত্তৰ দিবলৈ সক্ষম ভাৰত৷
যোৱা কেইবছৰমান ধৰি ভাৰত মহাসাগৰ আৰু সংলগ্ণ এলেকাত চীনৰ উপস্থিতি চকুত পৰাকৈ বৃদ্ধি পাইছে৷ তাৰ লগতে পাকিস্তানৰ নৌশক্তিক সমৃদ্ধ কৰাৰ ক্ষেত্রতো সহায়ৰ হাত আগবঢ়াই দিছে বেইজিঙে৷ সামুদ্রিক ক্ষেত্রত চীন আৰু পাকিস্তানৰ সহযোগিতা বৃদ্ধিৰ প্রতি নজৰ ৰাখিছে ভাৰতে৷ চীনত তৈয়াৰী চাৰিটা ডিজেল ইলেক্টিকৰ এটা ছাবমেৰিন পাকিস্তানে কিনিছে৷ যোৱা মাহতেই তাৰে এটা পাকিস্তান নৌ বাহিনীৰ ওচৰ পাইছেগৈ আৰু দুয়োখন দেশেই এই কথা যুটীয়াভাৱে ঘোষণা কৰিছে৷
ভাৰতীয় নৌসেনাৰ দাবী যে কোনো নির্দিষ্ট দেশৰ কথা ভাবি তেওঁলোক আগবঢ়া নাই৷ বৰং ভাৰতৰ সামগ্রিক সুৰক্ষা নিশ্চিত কৰাটোৱেই নৌসেনাৰ লক্ষ্য৷