- গীতানগৰ অনুপম পথত ৰহস্যজনকভাৱে উদ্ধাৰ এজন ব্যক্তিৰ মৃতদেহ।
- অনুপম পথৰ এটা বাসগৃহৰ চৌহদত উদ্ধাৰ শৈলেন ডেকা নামৰ এজন ব্যক্তিৰ মৃতদেহ।
- এতিয়াও পোহৰলৈ অহা নাই ব্যক্তিজনৰ মৃত্যুৰ কাৰণ।
- ঘটনাস্থলীত উপস্থিত হৈ গীতানগৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
- এটা সংবাদ প্ৰতিষ্ঠানৰ কেন্টিনৰ কৰ্মচাৰী আছিল শৈলেন ডেকা।
- কাম শেষ কৰি নিশা প্ৰায় ২.৩০ মান বজাত ঘৰলৈ উভতিছিল।
- ৰণি বৰঠাকুৰ নামৰ এজন সহযোগীয়ে শৈলেনৰ ফোনত ঘৰত থৈ অহাৰ প্ৰতিশ্ৰুতি দিছিল পত্নীক।
- কিন্তু পৰৱৰ্তী সময়ত পত্নীয়ে ফোন চুইটছ অফ পোৱাত ৩.৩০ মান বজাত পত্নীয়ে বিচাৰি গৈ ঘৰৰ সন্মুখৰ নলাত পৰি থকা অৱস্থাত উদ্ধাৰ কৰে শৈলেন ডেকাক।
ডিজিটেল ডেস্ক, ১ জুন