নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

IPL-ত বৈভৱলৈ পুৰস্কাৰৰ বৰষুণ, ৪৫ লাখসহ লাভ কৰিলে TATA Sierra

IPL 2026ত অসাধাৰণ প্ৰদৰ্শনৰ বাবে ৰাজস্থান ৰয়েলছৰ যুৱ তাৰকা বৈভৱ সূৰ্যবংশীক একাধিক পুৰস্কাৰে সন্মানিত কৰা হয়। ইয়াৰ ভিতৰত এটা টাটা ছিয়েৰা গাড়ীও অন্তৰ্ভুক্ত আছিল। যোৱা দেওবাৰে আহমেদাবাদত অনুষ্ঠিত হোৱা ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু গুজৰাট টাইটানছৰৰ মাজৰ IPL 2026 ফাইনেল চাবলৈ উপস্থিত হৈছিল ১৫ বছৰীয়া বৈভৱ। খেলখনৰ অন্তত তেওঁক এটাৰ পাছত আনটো পুৰস্কাৰ প্ৰদান কৰা হয়।

বৈভৱে মুঠ ৫টা সন্মান লাভ কৰে। এইসমূহ হৈছে— ইমাৰ্জিং প্লেয়াৰ অৱ দ্য ছিজন, ছুপাৰ ষ্ট্ৰাইকাৰ অৱ দ্য ছিজন, ছুপাৰ ছিক্সেছ এৱাৰ্ড, অৰেঞ্জ কেপ আৰু মোষ্ট ভেলুৱেবল প্লেয়াৰ (MVP)।

এই ৫টা পুৰস্কাৰৰ বাবে বৈভৱে মুঠ ৪৫ লাখ টকা লাভ কৰে। ইয়াৰ উপৰি তেওঁক উপহাৰ হিচাপে এখন টাটা ছিয়েৰা গাড়ী প্ৰদান কৰা হয়। তাৰ ভিতৰত অৰেঞ্জ কেপ ১০ লাখ টকা, মোষ্ট ভেলুৱেবল প্লেয়াৰ অৱ দ্য ছিজন (MVP) ১৫ লাখ টকা, ইমাৰ্জিং প্লেয়াৰ অৱ দ্য ছিজন  ১০ লাখ টকা, ছুপাৰ ছিক্স এৱাৰ্ড ১০ লাখ টকা আৰু ছুপাৰ ষ্ট্ৰাইকাৰ অৱ দ্য ছিজনত টাটা ছিয়েৰা গাড়ী এখন।

মাত্ৰ ১৫ বছৰ বয়সতে বৈভৱে IPL 2026ত সৰ্বাধিক ৰান সংগ্ৰহ কৰে। তেওঁ ১৬খন খেলৰ ১৬টা ইনিংছত ৪৮.৫০ গড় আৰু ২৩৭.৩১ ষ্ট্ৰাইক ৰেটেৰে ৭৭৬ ৰান সংগ্ৰহ কৰে। এই সময়ছোৱাত তেওঁৰ বেটৰ পৰা ১টা শতক আৰু ৫টা অৰ্ধশতক আহে। এই কৃতিত্বৰে বৈভৱ IPL ইতিহাসত সৰ্বকনিষ্ঠ অৰেঞ্জ কেপ বিজয়ী খেলুৱৈ হিচাপে পৰিগণিত হয়।

২০২৫ চনৰ পৰা IPL খেলি অহা বৈভৱে এতিয়ালৈকে ২৩খন খেলত অংশগ্ৰহণ কৰিছে। ২৩টা ইনিংছত তেওঁ ৪৪.৬৯ গড় আৰু ২২৮.৯৫ ষ্ট্ৰাইক ৰেটেৰে মুঠ ১,০২৮ ৰান সংগ্ৰহ কৰিছে। তেওঁৰ নামত আছে ২টা শতক আৰু ৬টা অৰ্ধশতক। IPLত তেওঁৰ সৰ্বোচ্চ ব্যক্তিগত স্ক’ৰ ১০৩ ৰান। উল্লেখ্য যে ৰাজস্থান ৰয়েলছে ২০২৫ চনত বৈভৱ সূৰ্যবংশীক ১.১০ কোটি টকাত দলত অন্তৰ্ভুক্ত কৰিছিল।

ডিজিটেল ডেস্ক, ১ জুন

You might also like