নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীত দুর্বৃত্তৰ আক্রমণত আছু নেতাৰ মৃ*ত্যু

নলবাৰীৰ গংগাপুৰত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণত ঠাইতে নিহত হয় ছাত্ৰ নেতা মাধুৰ্য বৰ্মন। তদুপৰি তেওঁৰ লগত থকা মাহীয়েকৰ ছোৱালী মৃদুমুদ্ৰা ডেকাও দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয়।

ঘটনাৰ বিৱৰণীত প্ৰকাশ যে যোৱা কালি মাধুর্য বর্মনৰ গংগাপুৰত থকা মাহীয়েকৰ ঘৰত এটা সৰু অনুষ্ঠান আছিল। ছাত্ৰ নেতা মাধুৰ্যই মাহীয়েকৰ ছোৱালী মৃদুমুক্তা ডেকাক লগত লৈ নলবাৰীৰ পৰা কিতাপ কিনি স্কুটিৰে ঘৰলৈ উভতি আহোঁতে, ঘৰৰ পৰা মাত্ৰ ৩০০ মিটাৰ দূৰত দুৰ্বৃত্তই আক্ৰমণ কৰে।

এই আক্ৰমণত ছাত্ৰ নেতাজনৰ থিতাতে মৃত্যু হয়। ইপিনে ছাত্ৰীগৰাকীক সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল কলেজ হাস্পাতাললৈ প্ৰেৰণ কৰা হয় ৷ ইপিনে মাধুৰ্যৰ মাহীয়েকে প্রকাশ কৰামতে তেওঁলোকৰ ছোৱালীসহ মাধুৰ্যৰ দুৰ্ঘটনা সংঘটিত হোৱা বুলি কোনোবাই খবৰ দিয়াত ঘটনাস্থলীলৈ গৈ দুয়োকে তেজেৰে লুতুৰি পুতুৰি হৈ থকা প্ৰত্যক্ষ কৰে।

তেওঁ কয়- প্ৰথমাৱস্থাত দুৰ্ঘটনা বুলি ভাবিছিলোঁ যদিও মাধুৰ্যৰ দেহ ভালকৈ চোৱাত মূৰ আৰু কান্ধৰ ওচৰত ঘপিওৱা চিন দেখিবলৈ পাইছোঁ। তাক কোনোবাই পৰিকল্পিতভাৱে মাৰি পেলালে।

উল্লেখ্য যে হত্যাৰ বলি হোৱা মাধুৰ্য বৰ্মন চামতা বালিপথাৰৰ ভকতপাৰা চুবুৰিৰ হৰিচৰণ বৰ্মনৰ একমাত্ৰ পুত্ৰ। লগতে তেওঁ পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক আছিল। আনহাতে উক্ত ঘটনাত গুৰুতৰ ভাৱে আহত হোৱা মৃদুমুদ্ৰা ডেকা উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ এগৰাকীছাত্ৰী। তেওঁ গংগাপুৰৰ ঘনশ্যাম ডেকা আৰু জেউতি ডেকাৰ কন্যা।

ইফালে এই ঘটনাই দুয়োটা পৰিয়ালত হাহাকাৰ পৰিৱেশ সৃষ্টি কৰাৰ লগতে নলবাৰীত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আনহাতে উক্ত ঘটনা সংক্ৰান্তত নলবাৰী আৰক্ষীয়ে নিশা এঘাৰ বজা পৰ্যন্ত কণী শুংসূত্র উলিয়াব পৰা নাই যদিও প্ৰাথমিক তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰা বুলি সংবাদ মাধ্যমক প্ৰকাশ কৰিছে।

নিয়মীয়া বার্তা, চামতা, ১ জুন

You might also like