নলবাৰীৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত আছিক আলী ওৰফে ৰোজ আলী আৰক্ষীৰ গুলীত আহত হৈছে। আৰক্ষীৰ তথ্য অনুসৰি, মুকালমুৱাৰ চৰত আত্মগোপন কৰি থকা ৰোজ আলীক আটক কৰাৰ সময়ত তেওঁ পলায়নৰ চেষ্টা কৰাৰ লগতে আৰক্ষীৰ অস্ত্ৰ কাঢ়ি ল’ব খোজে। সেই সময়তে আৰক্ষীয়ে গুলী চলাবলৈ বাধ্য হয়।
গুলী ৰোজ আলীৰ ভৰিত লাগে আৰু তেওঁ গুৰুতৰভাৱে আহত হয়। ঘটনাৰ পিছতে আৰক্ষীৰ এটা বৃহৎ দলে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি অভিযান অব্যাহত ৰাখিছে।
উল্লেখ্য যে, এই ৰোজ আলীৰ দাৰ ঘাপত নিহত হৈছিল মাধুৰ্য বৰ্মন। একে ঘটনাত গুৰুতৰভাৱে আহত হোৱা যুৱতীগৰাকী বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল (GMCH)ত জীৱন-মৃত্যুৰে যুঁজ দি আছে।
ঘটনাটোৱে সমগ্ৰ নলবাৰী জিলাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে ইতিমধ্যে ঘটনাটোৰ অধিক তদন্ত আৰম্ভ কৰিছে।
ডিজিটেল ডেস্ক, ১ জুন