নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসম দলৰ সাফল্য

ডিজিটেল ডেস্ক, ১ জুন : ‘ইউনিভাৰ্ছেল যোগ কনফেডাৰেচন’ (Universal Yoga Confederation)ৰ উদ্যোগত আৰু নেপালৰ কাঠমাণ্ডুৰ ‘দ্য চেলিব্ৰেচন স্কুল’ৰ সহযোগত ৩০ আৰু ৩১ মে’ত অনুষ্ঠিত দ্বিতীয় সংখ্যক কমনৱেলথ যোগাসন প্ৰতিযোগিতাত অসমৰ দলটোৱে ৫টা সোণৰ পদক আৰু দুটা ৰূপৰ পদক লাভ কৰে।

ভাৰতৰ হৈ অংশগ্ৰহণ কৰা দলটোৰ তিতিক্ষা মধুকল্যই ‘চেম্পিয়ন অৱ দ্য চেম্পিয়নছ’ খিতাপ লাভ কৰিবলৈ সক্ষম হয়। ট্ৰেডিচনেল যোগ চেম্পিয়নশ্বিপত ১৮ বছৰৰ পৰা ২০ বছৰ ছোৱালী শাখাত তিতিক্ষা  মধুকল্যই সোণৰ পদক লাভ কৰে। ১৪ বছৰৰ পৰা ১৬ বছৰ ল’ৰাৰ শাখাত গৌৰাংগ হাজৰিকাই সোণৰ পদক, ১৪ বছৰৰ পৰা ১৬ বছৰ ছোৱালী শাখাত অনুভূতি বৰাই সোণৰ পদক, শুভাশ্ৰী বৰাই ৰূপৰ পদক, ১২ বছৰৰ পৰা ১৪ বছৰ ছোৱালী শাখাত জ্যোস্মিতা শইকীয়াই ৰূপৰ পদক, ১২ বছৰৰ পৰা ১৪ বছৰ ল’ৰাৰ শাখাত সমৰ জ্যোতি বৰাই সোণৰ পদক আৰু ১০ বছৰৰ পৰা ১২ বছৰ ছোৱালী শাখাত পাহি বৰুৱাই সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

আনহাতে, আন্তঃৰাষ্ট্ৰীয় নৃত্য প্ৰতিযোগিতাত ১০ বছৰৰ পৰা ১২ বছৰ ছোৱালী শাখাত পাহি বৰুৱাই দ্বিতীয় স্থান, ১২ বছৰ ঊৰ্ধ্বৰ ছোৱালী শাখাত অনুভূতি বৰাই তৃতীয় স্থান, জ্যোস্মিতা শইকীয়াই পঞ্চম স্থান, তিতিক্ষা মধুকল্যই ষষ্ঠ স্থান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। গোটেইকেইগৰাকী খেলুৱৈ নগাঁও জিলাৰ ডাকৰঘাট যোগ বিদ্যালয়ৰ।

Chief Judge আৰু দলটোৰ প্ৰশিক্ষক হিচাপে আছিল নগাঁও জিলা ক্ৰীড়া বিষয়া কাৰ্যালয়ৰ যোগ প্ৰশিক্ষক অঞ্জন কৌশিক শৰ্মা। ভাৰতীয় দলৰ তত্ত্বাৱধায়ক আৰু কমনৱেলথ যোগাসন প্ৰতিযোগিতাৰ সঞ্চালক হিচাপে আছিল পশ্চিমবংগৰ ড০ লোকনাথ নাথ। অসম দলৰ এই সফলতাত এতিয়া ৰাজ্যত ক্ৰীড়ানুৰাগীৰ মাজত উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে।

You might also like