নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইখন অসমৰে উন্নয়নে ঢুকি নোপোৱা এখন গাঁও, যাতায়াতত বিড়ম্বনা

স্বাধীনতাৰ ৭ দশকৰ পাছতো উন্নয়নে ঢুকি পোৱা নাই নৱগঠিত বকো-ছয়গাঁও সমষ্টিৰ ৩৯নং পশ্চিম বেকেলী গাঁও পঞ্চায়তৰ অন্তৰ্গত ১নং উত্তৰ ছেখাদাৰী গাঁওখন ৷ গাঁৱত প্ৰৱেশৰ মুঠ তিনিটা পথৰ এটাও পকীকৰণ নোহোৱাত বছৰ বছৰ ধৰি যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভূগি আছে অঞ্চলবাসী ৰাইজে ৷

বিশেষকৈ বাৰিষা হ’লেই যাতায়ত বিড়ম্বনাই টোপনি হৰে গাঁওবাসীৰ৷ গাঁওখনৰ মাজেৰে বৈ যোৱা ছিঙুৱা নদীৰ ওপৰত দুঠাইত দলং নোহোৱাৰ ফলত প্ৰতি বাৰিষাই বিমোৰত পৰে গাঁওবাসী ৷ বাৰিষা জীউটো বুকুত বান্ধি জৰাজীৰ্ণ বাঁহৰ সাঁকোৰে বিদ্যালয়লৈ আহযাহ কৰিবলগীয়া হয় গাঁওখনৰ ছাত্ৰ-ছাত্ৰীসকলে৷

ইয়াৰোপৰি জৰুৰীকালীন অৱস্থাতো গাঁওখনত এম্বুলেন্স কিম্বা গাড়ী প্ৰৱেশ কৰিব পৰা যাতায়াতৰ কোনোধৰণৰ সুব্যৱস্থা নথকাৰ ফলত তৎকালীন চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈ অনাকাংক্ষিত ঘটনা সংঘটিত হোৱাৰো বহু উদাহৰণ আছে৷

ইতিমধ্যেই দলংখনত বহু দুৰ্ঘটনা সংঘটিত হোৱা বুলিও জানিব পৰা গৈছে। একপ্ৰকাৰ বাৰিষা হ’লেই যেন পদ্মপুৰৰ পৰা বাগডোবা সংযোগী পথচোৱা বন্ধ হৈ পৰে৷ সেয়েহে গাঁওখনৰ ৰাইজে স্থানীয় নৱনিৰ্বাচিত স্থানীয় বিধায়ক ৰাজু মেচক গাঁওখনৰ যাতায়াত ব্যৱস্থা সুচল কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰি গাঁওবাসীক যাতায়াতৰ ক্ষেত্ৰত সকাহ দিবলৈ দাবী জনাইছে।

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ৩ জুন

You might also like