নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইচিইউত মৃদুমুদ্ৰা ডেকা, অস্ত্ৰোপচাৰৰ পিছতো সম্পূৰ্ণ বিপদমুক্ত নহয়

নলবাৰীৰ চাঞ্চল্যকৰ ঘটনাত আক্ৰমণৰ বলি হোৱা মৃদুমুদ্ৰা ডেকাৰ শৰীৰত মুঠ ৭টাকৈ আঘাতৰ চিহ্ন পোৱা গৈছে। এই আক্ৰমণত তেওঁৰ জেঠীয়েকৰ লৰা তথা ভাতৃ চামতাৰ মাধুৰ্য বৰ্মনৰ মৃত্যু হৈছিল।

বৰ্তমান ১৭ বছৰীয়া মৃদুমুদ্ৰা ডেকা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (GMCH)-ৰ আইচিইউত চিকিৎসাধীন হৈ আছে। GMCHৰ অধীক্ষক ডাঃ দেৱজিত চৌধুৰীয়ে জনোৱা মতে, আঘাতসমূহৰ ভিতৰত দুটা অতি গভীৰ আছিল।

“মৃদুমুদ্ৰাৰ শৰীৰত প্ৰায় ৭টা আঘাতৰ চিহ্ন পোৱা গৈছে। ইয়াৰ ভিতৰত দুটা গভীৰ আঘাত মেৰুদণ্ডৰ ওচৰত আছিল। এমআৰআই পৰীক্ষাৰ পিছত পিঠি আৰু ডিঙিৰ ওচৰত থকা গভীৰ আঘাতসমূহৰ অস্ত্ৰোপচাৰ কৰা হৈছে,” বুলি কয় ডাঃ চৌধুৰীয়ে।

তেওঁ আৰু জনায় যে মৃদুমুদ্ৰাৰ শাৰীৰিক অৱস্থা বৰ্তমান স্থিতিশীল যদিও এতিয়াও সম্পূৰ্ণ বিপদমুক্ত বুলি ক’ব নোৱাৰি। চিকিৎসাৰ প্ৰতি তেওঁ সঁহাৰি জনাইছে আৰু কেইবাদিনো আইচিইউত থাকিব লাগিব।

“তেওঁ পৰিয়ালৰ সদস্যসকলৰ সৈতে কথা পাতিব পাৰিছে আৰু খাদ্যও গ্ৰহণ কৰিছে। মানসিক অৱস্থাৰো উন্নতি হৈছে। কিন্তু এনে ভয়ংকৰ ঘটনাৰ মানসিক আঘাতৰ পৰা সম্পূৰ্ণ সুস্থ হ’বলৈ কিছু সময় লাগিব,” বুলিও উল্লেখ কৰে GMCHৰ অধীক্ষকে।

উল্লেখ্য যে, দেওবাৰে সন্ধিয়া নলবাৰীৰ মুকালমুৱাৰ গংগাপুৰ অঞ্চলত মৃদুমুদ্ৰা ডেকা আৰু তেওঁৰ সম্বন্ধীয় ভাতৃ মাধুৰ্য বৰ্মনৰ ওপৰত ৰোজ আলী ওৰফে আছিক খানে প্ৰাণঘাতী আক্ৰমণ চলাইছিল। অভিযোগ অনুসৰি, প্ৰেমৰ প্ৰস্তাৱ একাধিকবাৰ নাকচ কৰাৰ পিছত অভিযুক্তই এই আক্ৰমণ সংঘটিত কৰে।

পিছত সোমবাৰে মুকালমুৱাৰ ওচৰৰ ব্ৰহ্মপুত্ৰৰ এটা চৰত আৰক্ষীয়ে বিচাৰি থকা অৱস্থাত পলায়নৰ চেষ্টা আৰু আৰক্ষীৰ অস্ত্ৰ কাঢ়ি ল’বলৈ চেষ্টা কৰাৰ অভিযোগত আৰক্ষীৰ গুলীত অভিযুক্ত ৰোজ আলীৰ মৃত্যু হয়।

ইফালে মৃদুমুদ্ৰাৰ মাতৃয়েও অভিযোগ কৰিছিল যে তেওঁৰ জীয়ৰীক দীৰ্ঘদিন ধৰি ৰোজ আলীয়ে বিভিন্ন ধৰণে হাৰাশাস্তি কৰি আহিছিল। প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ পিছত মৃদুমুদ্ৰা আৰু তেওঁৰ পৰিয়ালক ভয়-ভাবুকিও প্ৰদান কৰিছিল বুলি তেওঁ অভিযোগ উত্থাপন কৰে।

ডিজিটেল ডেস্ক, ৩ জুন

You might also like