নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জালুকবাৰীত ভয়ংকৰ অগ্নিকাণ্ডত একেটা পৰিয়ালৰ ৪জনৰ কৰুণ মৃত্যু

ডিজিটেল ডেস্ক, ৫ জুন : মহানগৰীৰ জালুকবাৰীত পুৱতি নিশা এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। বৃহস্পতিবাৰে নিশা জালুকবাৰীৰ জয়মতী নগৰত এই বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে । জালুকবাৰীৰ জয়মতী নগৰৰ এটা ভাৰাঘৰত সূত্ৰপাত হোৱা এই জুইত আবদ্ধ হৈ একেটা পৰিয়ালৰে এটি শিশুসহ মুঠ চাৰিজন সদস্য জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক সাবটি লয় ।

এই অগ্নিকাণ্ডত জ্বলি ভস্মীভূত হয় তেওঁলোকৰ বাসগৃহটোও ৷ লগতে আন এটা বাসগৃহও এই অগ্নিকাণ্ডত জাহ যায় ৷ মৃত লোককেইজনক কুদ্দুছ আলী (৬৫), কাজলী (৪০), ছফিকুল (৩০) আৰু শ্বাহিদ আলী (১২) বুলি চিনাক্ত কৰা হৈছে । জানিব পৰা মতে, দুৰ্ভগীয়া পৰিয়ালটোৰ স্থায়ী ঘৰ গোৱালপাৰা জিলাৰ কৃষ্ণাইত । দীৰ্ঘদিন ধৰি তেওঁলোকে জয়মতী নগৰৰ এক আৱাসিক চৌহদত ভাৰাত আছিল ।

স্থানীয় বাসিন্দাৰ মতে, পুৱতি নিশা সকলো টোপনিত থকা অৱস্থাত হঠাতে জুইৰ সূত্ৰপাত ঘটে । কাঠ আৰু টিনৰ চালিৰ ঘৰ হোৱা বাবে জুই কম সময়ৰ ভিতৰতে সমগ্ৰ এলেকাটোত বিয়পি পৰে। বহু বাসিন্দাই সাৰ পাই ধোঁৱা আৰু জুইৰ শিখা প্ৰত্যক্ষ কৰে যদিও জুয়ে ইতিমধ্যে দুটা ঘৰ সম্পূৰ্ণৰূপে গ্ৰাস কৰে । ঘটনাটো সংঘটিত হোৱাৰ পাছতে স্থানীয় লোকে অগ্নিনিৰ্বাপক বাহিনী আৰু স্থানীয় আৰক্ষীক খবৰ দিয়ে ।

ঘটনাৰ খবৰ পোৱাৰ পিছতে অগ্নিনিৰ্বাপক বাহিনী, স্থানীয় আৰক্ষী আৰু উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয়। অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱা, এছ ডি আৰ এফ আৰু এন ডি আৰ এফ কৰ্মীসকলে যুটীয়াভাৱে কেইবাঘণ্টাজোৰা চেষ্টাৰ অন্তত জুই নিৰ্বাপণ কৰে । জুই সম্পূৰ্ণ নিয়ন্ত্ৰণলৈ অনাৰ পিছতহে ঘৰৰ ভিতৰৰ পৰা কৰুণভাৱে মৃত্যুবৰণ কৰা চাৰিওগৰাকী ভুক্তভোগীৰ মৃতদেহ উদ্ধাৰ কৰা হয় ।

অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও শ্বৰ্ট চাৰ্কিটৰ বাবেই এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।

You might also like