নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ : মন্ত্রী হিচাপে ১২গৰাকী বিধায়কৰ শপতগ্ৰহণ

ডিজিটেল ডেস্ক, ৫ জুন : অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই সম্প্ৰসাৰিত হ’ল অসম মন্ত্ৰীসভা। শেহতীয়াকৈ অনুষ্ঠিত বিধানসভা নিৰ্বাচনত ৰাজ্যত ঐতিহাসিক বিজয় সাব্যস্ত কৰাৰ পিছত আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন এন ডি এ চৰকাৰে নিজৰ মন্ত্ৰীসভাৰ প্ৰথমটো সম্প্ৰসাৰণ ঘটায়।

গুৱাহাটীৰ জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আজি দিনৰ ১২.৪৫ বজাত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই নতুনকৈ অন্তৰ্ভুক্ত ১২গৰাকী বিধায়কক মন্ত্ৰী হিচাপে পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰায় ।

আজি শপত লোৱা অসম মন্ত্ৰীসভাৰ ১২গৰাকী মন্ত্ৰী হৈছে- ডাঃ ৰণোজ পেগু, পীয়ূষ হাজৰিকা, বিমল বৰা, অশ্বিনী ৰায় সৰকাৰ, বিশ্বজিৎ দৈমাৰী, কৃষ্ণেন্দু পাল, অশোক সিংহল, জয়ন্ত মল্ল বৰুৱা, নীলিমা দেৱী, কৌশিক ৰায়, সুশান্ত বৰগোহাঁই আৰু কেশৱ মহন্ত ৷ উল্লেখ্য যে আজি শপত লোৱা মন্ত্ৰীসকলৰ ভিতৰত ৪গৰাকীয়ে প্ৰথমবাৰৰ বাবে লাভ কৰিছে মন্ত্ৰিত্ব।

শপতগ্ৰহণ অনুষ্ঠানত বিমল বৰাই সংস্কৃতত, কৃষ্ণেন্দু পলে বাংলাত, কৌশিক ৰায়ে হিন্দীত শপত গ্ৰহণ কৰে; আনহাতে বাকী নজন বিধায়কে অসমীয়াত পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰে।

উল্লেখ্য যে অশ্বিনী ৰায় সৰকাৰ, বিশ্বজিৎ দৈমাৰী, নীলিমা দেৱী আৰু সুশান্ত বৰগোহাঁয়ে প্ৰথমবাৰৰ বাবে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। অৱশ্যে নতুন মন্ত্ৰীসকলৰ মাজত বিভাগসমূহ এতিয়াও বণ্টন কৰা হোৱা নাই।

উল্লেখযোগ্য যে ড° হিমন্ত বিশ্ব শৰ্মাই ১২ মে’ত দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। সদ্যসমাপ্ত নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এনডিএয়ে ১২৬ সদস্যবিশিষ্ট বিধানসভাৰ ১০২খন আসন জয় কৰি বিপুল বিজয় লাভ কৰিছিল।

ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে অগপৰ সভাপতি তথা বোকাখাতৰ বিধায়ক অতুল বৰা, গোলাঘাটৰ বিজেপি বিধায়িকা অজন্তা নেওগ, দুলীয়াজানৰ বিজেপি বিধায়ক ৰামেশ্বৰ তেলী আৰু মজবাট সমষ্টিৰ বিপিএফৰ বিধায়ক চৰণ বড়োৱে ১২ মে’ত কেবিনেট মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিছিল।

আজিৰ এই সম্প্ৰসাৰণৰ লগে লগে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি অসমৰ মন্ত্ৰীসভাৰ মুঠ সদস্য সংখ্যা এতিয়া ১৭গৰাকীলৈ বৃদ্ধি পাইছে। অৱশ্যে এতিয়াও মন্ত্ৰীসভাত দুখন আসন খালী আছে ।

You might also like